
কোকৰাঝাৰ, ০৬ নৱেম্বৰ (হি.স.)। ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত পালিত হৈ থকা একতাৰ দৌৰ কাৰ্যসূচীৰ অধীনত আজি গোসাঁইগাঁৱত একতাৰ দৌৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ স্থানীয় গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰৰ পৰাই আৰম্ভ হয় একতাৰ দৌৰ কাৰ্যসূচী৷ স্থানীয় বিধায়ক জিৰন বসুমতাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ সহ শ্ৰদ্ধাঞ্জলি জনায়৷
বিদ্যালয় চৌহদত বৃক্ষ ৰোপন কৰা হয়৷ অনুষ্ঠানত মহকুমাধিপতি মৃদুল কুমাৰ শিবহাৰে সহ অন্যান্য বিষয়া সকল উপস্থিত থাকে৷ অনুষ্ঠানত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, আত্মসহায়ক গোটৰ কৰ্মী সকলে পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ অনুষ্ঠানটো পৰিচালনা কৰে বড়োলেণ্ড সাংবাদিক সংস্থাৰ সভাপতি শংকৰ চৌধুৰীয়ে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ