
গুৱাহাটী, ০৬ নৱেম্বৰ(হি.স.)। অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গ অত্যন্ত মানৱ দৰদী আছিল। ইয়াৰ সম্পৰ্ণ বিপৰীত আছিল তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গে চিকিৎসাৰ বাবে প্ৰদান কৰা দৰিদ্ৰ ৰোগীৰ পৰা ধন লুটিছিল সিদ্ধাৰ্থ শৰ্মাই। ২৮৮ গৰাকী ৰোগীৰ চিকিৎসা ব্যয়ৰ কমিচন লৈছিল সিদ্ধাৰ্থই। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ এনে ভণ্ডামিৰ বিষয়ে শেহতীয়াকৈ পোহৰলৈ আহিছে। সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত উদ্ধাৰ হোৱা এটা ফাইলত সন্নিবিষ্ট থকা ৰহস্যৰ ভেদ ফাদিল কৰা হৈছে। এছআইটিৰ তদন্তত পোহৰলৈ আহিছে ফাইলটোত থকা গোপন তথ্য।
জুবিন গাৰ্গে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা সাহায্য দিছিল ২৮৮ গৰাকী দৰিদ্ৰ ৰোগীক। প্ৰায় ৪৩ লাখ টকাৰ ৩০% কমিছন খাইছিল সিদ্ধাৰ্থ শৰ্মাই। ২০১০ৰ পৰা ২০২৫লৈ ৰোগী সকলক চিকিৎসা সাহায্য প্ৰদান কৰিছিল জুবিন গাৰ্গে। ৰোগী সকলৰ পৰা প্ৰায় ১৩.৫০ লাখ টকা সৰকাইছিল সিদ্ধাৰ্থই। মেনেজাৰ সিদ্ধাৰ্থৰ দঁতালপাৰাৰ ফ্লেটত উদ্ধাৰ হৈছিল ফাইলটো।
দীপু কৰ্মকাৰ নামৰ জিএমচিএইছৰ কৰ্মচাৰী জনে এছআইটিৰ আগত নিজৰ ভাষ্য প্ৰদান কৰিছিল। জিএমচিএইছৰ কৰ্মচাৰী দীপুৰ সহযোগত জুবিনে আগবঢ়াই নিছিল চিকিৎসা সেৱা।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ