জনীয়া আঞ্চলিক শ্ৰমিক সন্থাৰ বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন
জনীয়া আঞ্চলিক শ্ৰমিক সন্থাৰ বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন ।
জনীয়া আঞ্চলিক শ্ৰমিক সন্থাৰ বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন


বৰপেটা, ০৬ নৱেম্বৰ (হি.স.): বৰপেটা জিলাৰ জনীয়া আঞ্চলিক শ্ৰমিক সন্থাৰ বাৰ্ষিক অধিৱেশন তিনি দিনীয়াকৈ চলিত মাহত অনুষ্ঠিত হ’ব। অহা ২১ নৱেম্বৰৰ পৰা জনীয়া আঞ্চলিক শ্ৰমিক সন্থাৰ ১৮ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব। এই উপলক্ষ্য়ে লাইখুঁটা স্থাপন স্থাপন কৰা হয় ।

অহা ২১, ২২, আৰু ২৩ নৱেম্বৰলৈ তিনিদিনীয়াকৈ ফখৰুদ্দিন আলি আহমেদ মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল খেল পথাৰ বাকৰিত বিভিন্ন কাৰ্যক্ৰমনিকাৰে অনুষ্ঠিত হ'ব জনীয়া আঞ্চলিক শ্ৰমিক সন্থাৰ বাৰ্ষিক অধিৱেশন । সেয়ে প্ৰতিটো কাৰ্যসূচীত সমূহ ৰাইজৰ সহায় উপস্থিতি অন্তকৰনেৰে কামনা কৰিছে আয়োজক সমিতিয়ে। লগতে এই অধিৱেশন খনি সফল কৰাৰ বাবে ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে জনীয়া আঞ্চলিক শ্ৰমিক সন্থাৰ সভাপতি আলতাপ হুছেইন আৰু সম্পাদক ৰাজেক আলীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande