শুকুৰবাৰে বিহাৰত দুখন ৰাজহুৱা সভাত ভাষণ দিব খৰ্গে
নতুন দিল্লী, ০৬ নৱেম্বৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ ভোটদানৰ পিছত শুকুৰবাৰে বিহাৰত দুখনকৈ ৰাজহুৱা সভাত ভাষণ দিব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে। কংগ্ৰেছৰ তথ্য অনুসৰি দিনৰ ১২:৩০ বজাত চেনাৰী বিধান সভা সমষ্টিত এখন ৰাজহুৱা সভা
मल्लिकार्जुन खरगे


নতুন দিল্লী, ০৬ নৱেম্বৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ ভোটদানৰ পিছত শুকুৰবাৰে বিহাৰত দুখনকৈ ৰাজহুৱা সভাত ভাষণ দিব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে।

কংগ্ৰেছৰ তথ্য অনুসৰি দিনৰ ১২:৩০ বজাত চেনাৰী বিধান সভা সমষ্টিত এখন ৰাজহুৱা সভাত ভাষণ দিব খৰ্গে। ইয়াৰ পিছত তেওঁ গয়া টাউনত বিয়লি ৪ বজাত আন এখন ৰাজহুৱা সভাত ভাষণ দিব।

উল্লেখ্য যে ২৪৩ জনীয়া বিহাৰ বিধানসভাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হৈছে নিৰ্বাচন। ৰাজ্যখনত প্ৰথম পৰ্যায়ত (৬ নৱেম্বৰ, ২০২৫) ১২১খন বিধানসভাৰ আসনৰ ভোট গ্ৰহণ কৰা হয়। ইফালে দ্বিতীয় পৰ্যায়ত ১১ নৱেম্বৰত ১২২ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। আনহাতে ১৪ নৱেম্বৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা হ’ব। ইয়াৰ লগে লগে ১৬ নৱেম্বৰত নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হ’ব।---------------

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande