শতিকা পূৰণি পৰম্পৰা অনুসৰি গোলাঘাট জিলাৰ আধাৰসত্ৰত অনুষ্ঠিত ৰাসোৎসৱ
গোলাঘাট, ০৬ নৱেম্বৰ (হি.স.)। শৰতৰ পূৰ্ণিমাৰ স্নিগ্ধ নিশা ৰাজ্য়জুৰি আৰম্ভ হৈছে ৰাস মহোৎসৱ। গোলাঘাট জিলাৰ আধাৰসত্ৰত ২৩৯ বছৰীয়া পৰম্পৰা অনুসৰি অনুষ্ঠিত হ''ল ৰাসোৎসৱ। আধাৰসত্ৰ সত্ৰীয়া হৰি মন্দিৰৰ সৌজন্যত ব্ৰজাৱলী ভাষাত মঞ্চস্থ কৰা হয় শ্ৰী কৃষ্ণৰ ৰা
শতিকা পূৰণি পৰম্পৰা অনুসৰি গোলাঘাট জিলাৰ আধাৰসত্ৰত অনুষ্ঠিত ৰাসোৎসৱ


গোলাঘাট, ০৬ নৱেম্বৰ (হি.স.)। শৰতৰ পূৰ্ণিমাৰ স্নিগ্ধ নিশা ৰাজ্য়জুৰি আৰম্ভ হৈছে ৰাস মহোৎসৱ। গোলাঘাট জিলাৰ আধাৰসত্ৰত ২৩৯ বছৰীয়া পৰম্পৰা অনুসৰি অনুষ্ঠিত হ'ল ৰাসোৎসৱ। আধাৰসত্ৰ সত্ৰীয়া হৰি মন্দিৰৰ সৌজন্যত ব্ৰজাৱলী ভাষাত মঞ্চস্থ কৰা হয় শ্ৰী কৃষ্ণৰ ৰাসলীলা ।

গোলাঘাট জিলাৰ ভিতৰত একমাত্ৰ ব্ৰজাৱলী ভাষাত অনুষ্ঠিত হৈ অহা ৰাসখনিক লৈ অঞ্চলবাসীৰ মাজত ব্যাপক উচাহ পৰিলক্ষিত হৈছে। স্থানীয় শিল্পী সকলে পৰিবেশন কৰিলে কেলিগোপাল নাট । নৱপ্ৰজন্মক ব্ৰজাৱলী ভাষাৰ জ্ঞান দিয়াৰ উদ্দেশ্যৰে পৰম্পৰাগতভাৱে ব্ৰজাৱলী ভাষাৰ ৰাস অনুষ্ঠিত কৰি আহিছে আধাৰসত্ৰত। ব্ৰজাৱলী ভাষাৰ ৰাস খনিত প্ৰাণচঞ্চল পৰিবেশৰ সৃষ্টি হয়। অঞ্চলটোৰ শতাধিক শিল্পী জড়িত হৈ আহিছে এই ৰাস মহোৎসৱত । ব্ৰজাৱলী ভাষাৰ ৰাসখনি উত্তৰণৰ বাবে অনাগত দিনতো বিশেষ পদক্ষেপ ল'ব উদ্যোক্তাসকলে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande