ভাৰতৰ লেটিন আমেৰিকাৰ সৈতে বাণিজ্য সম্প্ৰসাৰণ, পেৰু আৰু চিলিৰ সৈতে চুক্তি সন্দৰ্ভত বৈঠক
নতুন দিল্লী, ০৬ নৱেম্বৰ ()হি.স.)। ভাৰত আৰু লেটিন আমেৰিকাৰ দেশ পেৰু আৰু চিলিৰ মাজত বাণিজ্য চুক্তি সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়। এই চুক্তিসমূহে ভৱিষ্যতে ভাৰতৰ বাবে খনিজ পদাৰ্থ, ঔষধ, অটোম’বাইল, বস্ত্ৰশিল্প, খাদ্য প্ৰক্ৰিয়াকৰণ আদি খণ্ডত নতুন সুযোগ সৃষ্ট
पेरू और चिली से समझौते पर बैठकें हुईं


নতুন দিল্লী, ০৬ নৱেম্বৰ ()হি.স.)। ভাৰত আৰু লেটিন আমেৰিকাৰ দেশ পেৰু আৰু চিলিৰ মাজত বাণিজ্য চুক্তি সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়। এই চুক্তিসমূহে ভৱিষ্যতে ভাৰতৰ বাবে খনিজ পদাৰ্থ, ঔষধ, অটোম’বাইল, বস্ত্ৰশিল্প, খাদ্য প্ৰক্ৰিয়াকৰণ আদি খণ্ডত নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰত-পেৰু বাণিজ্য চুক্তিৰ নৱম বৈঠক পেৰুৰ ৰাজধানী লিমাত ৩ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ অনুষ্ঠিত হয়। দুয়োখন দেশে সামগ্ৰী আৰু সেৱাৰ বাণিজ্য, উৎপত্তিস্থলৰ নিয়ম, কাৰিকৰী বাধা, শুল্ক পদ্ধতি, বিবাদ নিষ্পত্তি, আৰু জটিল খনিজ পদাৰ্থৰ বাণিজ্যৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰে। এই বৈঠকত পেৰুৰ বৈদেশিক বাণিজ্য আৰু পৰ্যটন মন্ত্ৰী টেৰেছা ষ্টেলা মেৰা গোমেজ, উপ-মন্ত্ৰী চেজাৰ অগাষ্টো লিওনা চিলভা, ভাৰতৰ ৰাষ্ট্ৰদূত বিশ্বাস ভিডু সাপকাল আৰু ভাৰতীয় প্ৰতিনিধি দলৰ মুৰব্বী যুটীয়া সচিব বিমল আনন্দ উপস্থিত থাকে।

মন্ত্ৰী গোমেজে উল্লেখ কৰে যে দুয়োখন দেশৰ অৰ্থনীতি ইটোৱে সিটোৰ পৰিপূৰক আৰু চুক্তিখন আগতীয়াকৈ সমাপ্ত কৰাৰ দিশত কাম অব্যাহত থাকিব। ভাৰতীয় ৰাষ্ট্ৰদূত সাপকলে এই চুক্তিয়ে বাণিজ্য আৰু বিনিয়োগক এক নতুন দিশ প্ৰদান কৰিব আৰু দুয়োখন দেশৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব বুলি উল্লেখ কৰে। দুয়োপক্ষই সিদ্ধান্ত লয় যে পৰৱৰ্তী ৰাউণ্ড ২০২৬ চনৰ জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত হ’ব।

বাণিজ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰত-চিলিৰ সৰ্বাংগীন অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ তৃতীয়খন বৈঠক ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ চিলিৰ ছান্টিয়াগোত অনুষ্ঠিত হয়। আলোচনাত সামগ্ৰী আৰু সেৱাৰ বাণিজ্য, বিনিয়োগ, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, কাৰিকৰী মানদণ্ড, অৰ্থনৈতিক সহযোগিতা, আৰু জটিল খনিজ পদাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দুয়োখন দেশে বজাৰ প্ৰৱেশ আৰু যোগান শৃংখল শক্তিশালী কৰাৰ বাবে অতি সোনকালে এই চুক্তি সম্পাদন কৰাৰ আস্থা প্ৰকাশ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande