
বিশ্বনাথ, ০৬ নৱেম্বৰ (হি.স.)। বিশ্বনাথ জিলাৰ গহপুৰৰ বৰতামূলীত এখন পকী দলঙৰ অভাৱত যাতায়তত দুৰ্ভোগ ভুগিছে কেইবাখনো গাঁৱৰ ৰাইজে। সূচল দলঙৰ অভাৱত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে অব্যাহত ৰাখিছে বিপদসংকূল যাতায়ত । খাৰৈ নৈৰ ওপৰত থকা এই বাঁহৰ দলংখনেই হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ সম্বল।
গহপুৰৰ দক্ষিণাঞ্চলৰ বৰতামূলী আৰু বাকৰিদলনী গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ সংযোগী খাৰৈ নৈৰ ওপৰৰ এই বাঁহৰ দলংখন পকীকৰণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে । এই দলং খনেৰে পাৰ হওঁতে বহুটো দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে গধুৰ বাহন পাৰ কৰিব নোৱাৰাত সমস্যাত দিন কটাইছে সৰুতামূলী, লগুটি আদি কেইবাখনো গাঁৱৰ ৰাইজে। এই ক্ষেত্ৰত ৰাইজে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি শীঘ্ৰে যাতায়ত ব্য়ৱস্থা সূচল কৰিবলৈ আহ্বান জনাইছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা