
গোলাঘাট, ০৬ নৱেম্বৰ (হি.স.): কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব বনাঞ্চল অগৰাতলি চাবলৈ অহা দৰ্শনাৰ্থীৰ বাবে এটি ভাল খবৰ । এতিয়াৰে পৰা বোকাখাতৰ লতাবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পাব জীপ চাফাৰীৰ সুবিধা ।
কাজিৰঙাৰ পুব প্ৰান্তৰ জীপ চালক সকলে মুকলি কৰিছে জীপ চাফাৰীৰ নতুন কাৰ্যালয় । দৈনিক পুৱা ৫ বজাৰ পৰা বিয়লি ৩ বজালৈকে পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সুবিধা পাব কাৰ্যালয়টোত । মূলত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ মনোমোহা আৰু বিগ ফাইভ বন্যজন্তু আৰু অসংখ্য পৰিভ্ৰমী চৰাই চাবলৈ দেশ বিদেশৰ পৰ্যটক আহে অগৰাতলি পৰিভ্ৰমণ কৰিবলৈ । সেয়েহে জীপ চাফাৰীৰ ক্ষেত্ৰত থকা সীমাৱদ্ধতা আঁতৰাই এতিয়াৰে পৰা প্ৰতি দিনেই উপলদ্ধ হ'ব এই সুবিধা । উল্লেখ্য় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰিভ্ৰমণ কৰিবলৈ জীপ চফাৰীৰ লগতে হাতী চাফাৰীও উপলদ্ধ আছে। এই হাতী চাফাৰীৰ সুবিধা উদ্য়ান কৰ্তৃপক্ষ তথা ব্য়ক্তিগত দুয়োটা পৰ্যায়তে উপলদ্ধ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ