প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ বিৰূপ মন্তব্যৰ বিৰুদ্ধে আছাৰ প্ৰতিবাদী কাৰ্যসূচী
তিনিচুকীয়া, ০৬ নৱেম্বৰ (হি.স.)। প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ এগৰাকী নেতাৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে সংগঠনটোৰ তিনিচুকীয়া সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। তিনিচুকীয়া জিলাৰ চাবুৱা সমষ্টিৰ কংগ্ৰেছৰ প্ৰ
প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ বিৰূপ মন্তব্যৰ বিৰুদ্ধে আছাৰ প্ৰতিবাদী কাৰ্যসূচী


তিনিচুকীয়া, ০৬ নৱেম্বৰ (হি.স.)। প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ এগৰাকী নেতাৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে সংগঠনটোৰ তিনিচুকীয়া সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। তিনিচুকীয়া জিলাৰ চাবুৱা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুয়ে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিঞ্জ এজন দালাল হয়, চুৰ হয় বুলি মন্তব্য কৰিছিল। প্ৰাক্তন বিধায়কগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ।

বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত সংগঠনটোৱে বৰদলৈস্থিত অসম চাহ মজদূৰ পানীতোলা শাখা কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজু চাহুয়ে কৰা বিৰূপ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে । প্ৰতিবাদী লোকসকলে অনতিপলমে এই মন্তব্যৰ বাবে প্ৰাক্তন বিধায়কগৰাকীক ক্ষমা খুজিবলৈ সকীয়াই দিয়ে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande