তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিব, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
গুৱাহাটী, ০৬ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিব। তেওঁ কেবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰা
তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিব, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ


গুৱাহাটী, ০৬ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিব। তেওঁ কেবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰাৰ অন্তত সাংবাদিকৰ সৈতে অনুষ্ঠিত হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে ৭ ৰ পৰা ৯ নৱেম্বৰৰ ভিতৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে অসম ভ্ৰমণ কৰিব। কেবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব দুই কেন্দ্ৰীয় মন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয়- “কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ অহা ৭ নৱেম্বৰত অসমলৈ আহিব। তেওঁ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰ্যবেক্ষণ কৰিব। বিশ্ব মানদণ্ডৰে নিৰ্মিত নতুন লেণ্ড ৱাটাৰ টাৰ্মিনেল আৰু গুৱাহাটীত নদীৰ পাৰৰ বাগিচা উদ্বোধন কৰিব তেওঁ। অহা ৮ নৱেম্বৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়, নতুন গ্ৰীণফিল্ড বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।”

উল্লেখ্য যে শুকুৰবাৰে পুৱা গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত জাগীৰোডলৈ যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী। জাগীৰোডৰ ছেমিকণ্ডাক্টৰস্থলী পৰিদৰ্শন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে। জাগীৰোডত ৩০০ ষ্টাৰ্টআপৰ সৈতে আলোচনাত মিলিত হ’ব মন্ত্ৰীগৰাকী। জাগীৰোডৰ পৰা বিয়লি গুৱাহাটীলৈ উভতিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ। গুৱাহাটীত উদ্বোধন কৰিব নৱনিৰ্মিত জাহাজ টাৰ্মিনেল। বিত্ত মন্ত্ৰীয়ে মুকলি কৰিব ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্পও।

ইফালে ৮ নৱেম্বৰত গহপুৰলৈ যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী। শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব সীতাৰমণে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব ভোলাগুৰি চাহ বাগিচা।

আনহাতে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং অহা ৯ নৱেম্বৰত গুৱাহাটীত উপস্থিত হ’ব। লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব’ অনুষ্ঠানত অংশ ল’ব প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে। “অহা ৯ নৱেম্বৰত কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং গুৱাহাটীত উপস্থিত হ’ব আৰু তেওঁ ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব’ত অংশ ল’ব।” সাংবাদিকৰ আগত কয় মুখ্যমন্ত্ৰী শৰ্মাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande