
তিনিচুকীয়া, ০৬ নৱেম্বৰ (হি.স.): তিনিচুকীয়া জিলাৰ মাকুম ডিমৰুহোলা গাঁৱত চলছে বনবিভাগৰ উচ্ছেদ অভিযান । মাকুম ডিমৰুহোলা গাওঁ খনৰ ৬টাকৈ মৰাণ জনগোষ্ঠীৰ পৰিয়াললৈ উচ্ছেদৰ জাননী দিছিল বনবিভাগে।
উল্লেখ্য় যে ১৯৫০ চনৰ পৰা বসবাস কৰি অহা পৰিয়ালকেইটাৰ গৃহত ইতিমধ্যেই চলিছে উচ্ছেদ অভিযান। ১৯৫০চনৰ পৰা মাটিৰ খাজনা-কৰ কাটল দি অহাৰ পিছতো চাহ গছ, তামোল গছ কাটি চলাই নিছে উচ্ছেদ। ইফালে উচ্ছেদ স্থানত উপস্থিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে ।
মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিছুদিনৰ আগত কেবিনেটত মৰাণ-মটকৰ ভূমি অধিকাৰ দিছিল । ইয়াৰ পাছতে তিনিচুকীয়া জিলাৰ মাকুম ডিমৰুহোলা গাওঁ খনত উচ্চেদ অভিযান চলোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ