বিজনীৰ ৩নং নতুন মাটিত বনৰীয়া হাতীৰ কৰুণ মৃত্যু
ব্যক্তিগত স্বৰ্ট লাইনত সংলগ্ন হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু।
বিজনীৰ ৩নং নতুন মাটিত বনৰীয়া হাতীৰ কৰুণ মৃত্যু


চিৰাং, ০৬ নৱেম্বৰ (হি.স.): চিৰাং জিলাৰ বিজনীৰ ভাৰত ভূটান সীমান্তবৰ্তী ৩নং নতুন মাটিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী বৈদ্য়ুতিক স্পৰ্শ হৈ মৃত্য়ুমুখত পৰে। অঞ্চলটোৰ এটা বাসগৃহৰ ব্যক্তিগত শ্বৰ্ট লাইনত সংলগ্ন হৈ কৰুণ মৃত্যুক আঁকোৱালি লয় হাতীটোৱে ।

উল্লেখ্য যে প্ৰতিদিনেই এই অঞ্চল সমূহত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে উপদ্ৰপ চলায়। বনৰীয়া হাতীৰ পৰা ৰক্ষা পাবলৈ গাঁৱৰে মিজিং বসুমতাৰী আৰু মাংগ্ৰা বসুমতাৰীয়ে সম্বাৰু বসুমতাৰীৰ বাগানত বিদ্যুতৰ তাঁৰ সংযোগ কৰিছিল। যোৱা নিশা ৩টা বনৰীয়া হাতী খাদ্যৰ সন্ধানত ওলাই আহি সম্বৰু বসুমতাৰীৰ এই বাগানত সোমায়। বাগানত সোমোৱাৰ পিছতে এটা হাতী বিদ্যুতৰ তাঁৰত লাগি ধৰি কৰুণ মৃত্যুক আঁকোৱালি লয়। ঘটনাস্থলিত এছএছবি আৰু বনবিভাগৰ দল উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande