মৰিগাঁৱৰ মৈৰাবাৰীত চোকা অস্ত্রৰে মাৰপিট কৰি ধন লুট
মৰিগাঁৱৰ মৈৰাবাৰীত চাঞ্চল্যকৰ ঘটনা।
মৰিগাঁৱৰ মৈৰাবাৰীত চোকা অস্ত্রৰে মাৰপিট কৰি ধন লুট


মৰিগাঁও, ০৬ নৱেম্বৰ (হি.স.): মৰিগাঁৱৰ মৈৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুজনীয়া গুণ্ডাবাহিনীৰ দলে চোকা অস্ত্রৰে মাৰপিট কৰি লৈ গ'ল নগদ ধন। তেজেৰে লুতুৰি পুতুৰি অৱস্থাত স্থানীয় ৰাইজৰ তৎপৰতাত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এজন লোকক । মৈৰাবাৰীৰ হাঁহচৰাত যোৱা কালি নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। এই ঘটনাত গুৰুত্বৰভাবে আঘাটপ্ৰাপ্ত লোকজনৰ নাম আশ্বৰুল ইছলাম বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য়মতে, আশ্বৰুল ইছলাম নামৰ লোকজনে গৰীয়াবড়ী গাঁৱৰ পৰা মৈৰাবাৰীলৈ নিশা আহি থকা অৱস্থাত এই দুৰ্বৃত্তৰ দলটোৱে মাৰ পিট কৰে চোকা অস্ত্ৰৰে । গুণ্ডাবাহিনীৰ দলটোৰ দুয়োজনক ইতিমধ্যে চিনাক্ত কৰিছে ভূক্তভুগিয়ে। আবু দাউদ আৰু আক্কাছ আলি নামৰ লোক দুজনে পথ আগুচি ধৰি চুকা অশ্ৰৰে মাৰ পিট কৰি হত্যাৰ চেষ্টা কৰে।দুজনীয়া দলটোৱে মাৰ পিট কৰাৰ লগতে আশ্বাৰুল ইছলামৰ লগত থকা ৭০ হাজাৰ টকাও কাঢ়ি লৈ যায় ।

ইতিমধ্যে মৈৰাবাৰী আৰক্ষী থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে ভুক্তভোগী আশ্বৰুল ইছলামৰ পৰিয়ালৰ লোকে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande