ধেমাজিৰ বিষ্ণুপুৰ কোঁচ গাঁৱৰ নামঘৰত ৩৩ সংখ্যক ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন
ধেমাজি, ০৬ নৱেম্বৰ (হি.স.)। ধেমাজিৰ বিষ্ণুপুৰ সন্মিলিত ৰাস উদ্‌যাপন সমিতিৰ উদ্যোগত বিষ্ণুপুৰ কোঁচ গাঁৱৰ নামঘৰত ৩৩ সংখ্যক ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা উদ‌যাপন কৰা হৈছে ৷ দুদিনীয়াকৈ অনুষ্ঠিত এই পূৰ্ণাংগ ৰাসলীলাত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ৰাইজৰ বিৰ দি বাট
ধেমাজিৰ বিষ্ণুপুৰ কোঁচ গাঁৱৰ নামঘৰত ৩৩ সংখ্যক ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন


ধেমাজি, ০৬ নৱেম্বৰ (হি.স.)। ধেমাজিৰ বিষ্ণুপুৰ সন্মিলিত ৰাস উদ্‌যাপন সমিতিৰ উদ্যোগত বিষ্ণুপুৰ কোঁচ গাঁৱৰ নামঘৰত ৩৩ সংখ্যক ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা উদ‌যাপন কৰা হৈছে ৷ দুদিনীয়াকৈ অনুষ্ঠিত এই পূৰ্ণাংগ ৰাসলীলাত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ৰাইজৰ বিৰ দি বাট নোপোৱা ভীৰ পৰিলক্ষিত হয় ৷

ইফালে স্থানীয় শিল্পী সকলৰ দ্বাৰা অভিনীত এই ৰাসলীলাত স্থানীয় মূখা শিল্পী সকলে প্ৰস্তুত কৰা বিভিন্ন মূখাৰো ব্যৱহাৰ হয় ৷ ৰাস মহোৎসৱ হৈছে এটা উদযাপন যাৰ মাধ্যমেৰে শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন কাহিনী উদযাপন কৰা হয়, বিশেষকৈ তেওঁৰ ৰাসলীলাৰ। এই উৎসৱটো অসম, বিশেষকৈ মাজুলী, নলবাৰী, হাউলী, আৰু পলাশবাৰীৰ দৰে স্থানসমূহত অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। এই সময়ত, বিভিন্ন সত্ৰসমূহত শ্ৰীকৃষ্ণৰ বন্দনা কৰা হয় আৰু এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande