
ৱাশ্বিংটন, ০৬ নৱেম্বৰ (হি.স.)। কেন্টাকিৰ লুইছভিলত দুৰ্ঘটনাগ্ৰস্ত হোৱা ইউ পি এছ কাৰ্গো বিমানখনৰ ব্লেক বক্সটো উদ্ধাৰ কৰা হৈছে। তদন্তকাৰীয়ে জনোৱা মতে, বিমানখনৰ বাওঁ ইঞ্জিন পৃথক হৈছিল। এই দুৰ্ঘটনাত কমেও ১২ জন লোকৰ মৃত্যু হৈছে। বৃহৎ অঞ্চলত সিঁচৰতি হৈ আছে ধ্বংসাৱশেষ। দুৰ্ঘটনাত অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে।
দ্য নিউয়ৰ্ক টাইমছৰ মতে, বুধবাৰে নেশ্যনেল ট্ৰেন্সপ’ৰ্টেশন ছেফটি ব’ৰ্ডে জনোৱা মতে, এই সপ্তাহত কেন্টাকিৰ লুইছভিলত দুৰ্ঘটনাগ্ৰস্ত হোৱা ইউ পি এছ কাৰ্গো জেটৰ ইঞ্জিন উৰণৰ কিছু মুহূৰ্তৰ পূৰ্বে ভাঙি পৰে। তিনিজনীয়া ক্ৰুৱে কঢ়িয়াই অনা জেটখনে কেইছেকেণ্ডমানৰ পিছত মাটিত খুন্দা মাৰি জুইত জাহ যায়। মঙলবাৰে সন্ধিয়া লুইছভিলৰ মহম্মদ আলী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰান্তত থকা উদ্যোগিক অট্টালিকাৰ ওপৰেৰে পাৰ হৈ যায় বিমানখন।
কেন্টাকিৰ গৱৰ্ণৰ এণ্ডি বেশ্বিয়াৰে কয় যে কিছুমান মৃতদেহৰ অৱস্থাৰ বাবে তেওঁলোকক চিনাক্ত কৰাটো কঠিন হৈ পৰিছে। বৰ্তমানেও প্ৰকাশ পোৱা নাই নিহতসকলৰ পৰিচয়। বুধবাৰে বিয়লি পৰিবহণ সুৰক্ষা ব’ৰ্ডৰ সদস্য টড ইনমেনে এখন সংবাদমেলত কয় যে নিৰাপত্তাৰক্ষীৰ ফুটেজ অনুসৰি বিমানখনৰ বাওঁ ইঞ্জিনটো উৰণৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে উইংৰ পৰা পৃথক হৈছিল। বিমানখনে ৰাণৱেৰ শেষৰ বেৰত খুন্দা মৰাৰ পূৰ্বে বিমানবন্দৰৰ বাহিৰত মাটিত খুন্দা মৰাৰ ফলত কেইবাটাও অট্টালিকাতো জুই লাগিছিল।
ইনমানে কয় যে বুধবাৰে বিয়লি তদন্তকাৰীয়ে বিমানখনৰ ককপিট ভইচ ৰেকৰ্ডাৰ (ব্লেক বক্স) আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ কৰে। ইয়াৰ দ্বাৰা দুৰ্ঘটনাৰ পূৰ্বে আৰু দুৰ্ঘটনাৰ সময়ত কি হৈছিল সেই বিষয়ে অধিক তথ্য প্ৰকাশ পাব পাৰে। যদিও ৰেকৰ্ডাৰসমূহ ক্ষতিগ্ৰস্ত হৈছে, তথাপিও ৱাশ্বিংটনৰ এটা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব।
কংগ্ৰেছত লুইছভিলক প্ৰতিনিধিত্ব কৰা ডেম’ক্ৰেট প্ৰতিনিধি মৰ্গান মেকগাৰ্ভিয়ে সংবাদমেলত কয় যে এইটো এটা ভয়ংকৰ দুৰ্ঘটনা। বিষয়াসকলৰ মতে, বুধবাৰেও দুৰ্ঘটনাস্থলীত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। দুৰ্ঘটনাস্থলীৰ পৰিধি ঘেৰি ৰখা হৈছিল আৰু ক্ৰেনে সময়ে সময়ে স্পৰ্শকাতৰ অঞ্চলত পানী ছটিয়াইছিল। ঘটনাস্থলীলৈ পানীৰ ট্ৰাককো লৈ যোৱা হয়। ৰেড ক্ৰছ আৰু ছালভেচন আৰ্মীৰ দৰে সংগঠনে শ্ৰমিকসকলক খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছিল।
লুইছভিল অহাইঅ’ নদীৰ কাষতে আৰু কেন্টাকি ডাৰ্বিৰ স্থান হিচাপে পৰ্যটকৰ মাজত জনপ্ৰিয়। বুধবাৰে পৰিবহণ সুৰক্ষা ব’ৰ্ডৰ সদস্যসকলে লুইছভিলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইনমেনে কয় যে আমি আশা কৰিছো যে তদন্তকাৰী দলসমূহ ইয়াত কমেও এসপ্তাহৰ বাবে থাকিব।
দুৰ্ঘটনাৰ পিছত পোন্ধৰজন লোকক জুইত পোৰাৰ ফলত ইউনিভাৰ্চিটি অৱ লুইছভিলৰ চিকিৎসালয়লৈ অনা হয়। বিশ্ববিদ্যালয়খনৰ স্বাস্থ্য ব্যৱস্থাৰ মুখপাত্ৰ হিদাৰ ফাউণ্টেইনে কয় যে ১৩ জন লোকক ডিচচাৰ্জ দিয়া হৈছে। হনোলুলুলৈ যোৱা বিমানখনত প্ৰায় ৩৮ হাজাৰ গেলন ইন্ধন আছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ