
নগাঁও, ০৬ নৱেম্বৰ (হি.স.)। উজনি কি নামনি সৰ্বত্ৰ ৰাস মহোৎসৱৰ উন্মাদনা। ব্যতিক্ৰম নহল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ বিভিন্ন অঞ্চল। শৰতৰ পূৰ্নিমা ৰাতি বটদ্ৰৱাৰ সমীপবৰ্তী নমাটি গাঁৱত কিশোৰী, যুৱতী আৰু আইসকলে 'আহা সখী আহা বাই, বৃন্দাবনে যাওঁ' শীৰ্ষক গীত আৰু খোল তালৰ শব্দত নৃত্যত মতলীয়া হৈ পৰিল।
উল্লেখ্য় যে ৫৪ বৰ্ষ অতিক্ৰম কৰা নমাটি গাঁৱৰ ৰাস উৎসৱত হেজাৰ হেজাৰ দৰ্শকৰ মাজে মাজে কৃষ্ণ সহিতে গোপী সকলে কৰা এই ৰাস লীলাত যেন বৃন্দাবনলৈ পৰিনত হৈ পৰে। শৰতৰ স্নিগ্ধ জোনাকত এনেদৰে গুৰুজনাৰ অপূৰ্ব সৃষ্টি কেলিগোপাল নাটৰ আধাৰত কৰা ৰাস লীলাত উৰে নিশা মগন হল সহস্ৰাধিক ৰাইজ। ইয়াৰোপৰি বটদ্ৰৱা আঞ্চলিক ৰাস মন্দিৰ, কৰচোং সত্ৰ ৰাস মন্দিৰৰ লগতে ৰাইডঙীয়া, ভোমোৰাগুৰি, হাতীচোং আদি স্থানত অঞ্চলৰ যুৱতী বোৱাৰী সকলৰ অভিনয়েৰে কৰা শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াত উৰে নিশা মগন হৈ পৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা