
নলবাৰী, ০৬ নৱেম্বৰ (হি.স.)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বুধবাৰৰ পৰা ১১ দিনীয়াকৈ বাক্সা জিলাৰ বৰমাত বৃহত্তৰ ৰাস মহোৎসৱ আৰম্ভ হয় । ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদ আদি পৌৰাণিক কাহিনীৰ আধাৰত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন ৰূপ আৰু অৱতাৰ সমূহক মৃন্ময় মূৰ্তিৰ জৰিয়তে জীৱন্ত ৰূপত উপস্থাপন কৰা হয় । এইবেলি ১৬০ টা ষ্টলত মৃন্ময় মূৰ্তিৰ দেৱ-দেৱী উপস্থাপন কৰা হয় ।
বুধবাৰে পুৱা ৰাস মহোৎসৱৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ, সুধাকন্ঠ ড: ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বাক্সা আৰু নলবাৰী জিলাৰ দাতিকাষৰীয়া প্ৰায় ২৫খনতকৈ অধিক গাঁৱৰ সহযোগত বৰমাত যোৱা বছৰৰ পৰা উদযাপন কৰা হৈছে ৰাস মহোৎসৱ । ৰাস মহোৎসৱ উদ্বোধন কৰে বিটিচি বিধান পৰিষদৰ কাৰ্যবাহী সদস্য তথা দিহিৰা সমষ্টিৰ ইএম আগষ্টু টিগ্গাই। লগতে উপস্থিত থাকে আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট ব্যক্তিসকল ।
ইয়াৰে পিছতে ৰাস মহোৎসৱৰ মুখপত্ৰ কানাই উন্মোচন কৰে দিশপুৰ মহাবিদ্যালয় সহকাৰী অধ্যাপক ড সঞ্জীৱ কুমাৰ শৰ্মাই । নিশা বিভিন্ন ধৰনৰ সাংকৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰাসস্থলী জুবিন গাৰ্গৰ স্মৃতিৰে সজীৱ কৰি তোলা হয়। ৰাস পথত জুবিন গাৰ্গৰ ফটো, শৈশৱৰ পৰা মৃত্যুলৈকে ফটো গেলেৰী, জুবিনৰ সংগীত পৰিৱেন অনুষ্ঠানৰ প্ৰতিকী ৰূপ, শ্ৰদ্ধাঞ্জলি আদিৰে জুবিন গাৰ্গক জীৱন্ত কৰি তোলাৰ প্ৰয়াস কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা