
চিৰাং, ০৬ নৱেম্বৰ (হি.স.)। চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তবৰ্তী ৩ নং নতুন মাটিত এটা বনৰীয়া হাতীৰ মৃত্যু হয়। বৈদ্যুতিক শ্বক লাগি মৃত্যু হয় বনৰীয়া হাতীটোৰ।
প্ৰাপ্ত তথ্য়মতে, কাষৰীয়া সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বুধবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই আহি ৩ নং নতুন মাটি গাঁওত প্ৰবেশ কৰিছিল হাতীটোৱে । আজি বৃহস্পতিবাৰে পুৱা গাঁও খনত বনৰীয়া হাতীটো মৃত অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। জানিব পৰা মতে গাঁও খনৰ নিৱাসী সোম্বাৰু বসুমতাৰীৰ পুত্ৰ মিজিংক বসুমতাৰীয়ে সংযোগ কৰিছিল বিদ্যুৎ। উল্লেখ্য গাঁও খনৰ নিৱাসী সোম্বাৰু বসুমতাৰী আৰু মাংৰা বসুমতাৰীয়ে নিজৰ তামোলৰ বাগান সুৰক্ষাৰ বাবে বাগানৰ চাৰিওফালে বৈদ্যুতিক তাঁৰ সংযোগ কৰি আহিছে। সোম্বাৰু বসুমতাৰী কৰ্মসূত্ৰে ঘৰৰ বাহিৰত থকাৰ বাবে বুধবাৰে নিশা তেওঁৰ পুত্ৰ মিজিংক বসুমতাৰীয়ে সংযোগ কৰিছিল বিদ্যুৎ। সেই বৈদ্যুতিক তাঁৰত স্পৰ্শ হোৱাৰ ফলতেই হাতীটোৰ মৃত্যু ঘটে। বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা