ঐতিহ্যমণ্ডিত হাউলী চহৰত আৰম্ভ ৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱ ।
বৰপেটা, ০৬ নৱেম্বৰ (হি.স.)। বৰপেটা জিলাৰ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ ৰাজ হাউলী খ্যাত ঐতিহ্যমণ্ডিত হাউলী চহৰত আৰম্ভ হৈছে ৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱ । বুধবাৰে নিশা প্ৰসিদ্ধ সাহিত্যিক য়েচে দৰজে ঠংচিয়ে ৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱৰ মুল দ্বাৰ উদ্বোধনেৰে ৰ
ঐতিহ্যমণ্ডিত হাউলী চহৰত আৰম্ভ ৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱ ।


বৰপেটা, ০৬ নৱেম্বৰ (হি.স.)। বৰপেটা জিলাৰ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ ৰাজ হাউলী খ্যাত ঐতিহ্যমণ্ডিত হাউলী চহৰত আৰম্ভ হৈছে ৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱ । বুধবাৰে নিশা প্ৰসিদ্ধ সাহিত্যিক য়েচে দৰজে ঠংচিয়ে ৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱৰ মুল দ্বাৰ উদ্বোধনেৰে ৰাস মহোৎসৱ মুকলি কৰে ।‌

ৰাস মহোৎসৱৰ মুল দ্বাৰ মুকলিৰ পূৰ্বে হাউলী সাহিত্য সভা ভৱনৰ পৰা প্ৰথিতযশা সাহিত্যিক গৰাকীক ৰাস মহোৎসৱ স্থলীলৈ শোভাযাত্ৰা কৰি আদৰি অনা হয় ।‌ প্ৰসিদ্ধ সাহিত্যিক গৰাকীয়ে হাউলী ৰাসৰ দৰে অনুষ্ঠান এটা উদ্বোধন কৰিবলৈ পোৱাটো যথেষ্ট সৌভাগ্যবান বুলি মন্তব্য কৰে । ৰাস মহোৎসৱক সমন্বয়ৰ থলী বুলি উল্লেখ কৰি মানুহৰ মাজত একতা, সমন্বয়েৰে ভাৰতীয় জাতি হিচাপে ঠিয় দিব পাৰিম বুলি মন্তব্য কৰে। শ্ৰীকৃষ্ণৰ পবিত্ৰ ৰাস মহোৎসৱ নুকলি কৰি এোই আধ্যাত্মিকতাৰ জৰিয়তে তেওঁ হাউলীবাসী ৰাইজৰ লগতে তেওঁ অসমবাসী আৰু ভাৰতবাসীৰ মংগল কামনা কৰে।

হাউলী ৰাস মহোৎসৱৰ প্ৰথম দিনাই ৰাস মহোৎসৱস্থলী লোকে লোকাৰণ্য হৈ পৰে।‌ আটকধুনীয়াকৈ সজাই তোলা হৈছে ৰাস মন্দিৰ ।

সমান্তৰালভাবে মৃন্ময় মূৰ্তি সমূহ সুন্দৰকৈ স্থাপন কৰা হৈছে ।‌ উল্লেখযোগ্য যে হাউলীকে ধৰি পশ্চিম অসমৰ ৰাস উৎসৱ মৃন্ময় মূৰ্তিৰে পালন কৰা হয় ।‌ ভাগৱতত উল্লেখ থকা চৰিত্ৰবোৰক মৃন্ময় মূৰ্তিৰে এই ৰাসত প্ৰদৰ্শন কৰা হয়।‌

হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হেমেন দাসে ১৫ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰাস মহোৎসৱৰ কাৰ্যসূচীত ড০ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতি বিশেষভাবে শ্ৰদ্ধা নিবেদনেৰে দুয়োগৰাকী শিল্পীক উপস্থাপন কৰা হৈছে। আনহাতে সুধাকন্ঠ আৰু জুবিন গাৰ্গৰ জীৱন আৰু গীতৰ ওপৰত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।‌

ইপিনে জুবিন গাৰ্গে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ এক বিশেষ প্ৰদৰ্শনী মুকলি কৰিব হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande