২৭০ টা অমৃত কলহ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা গহপুৰলৈ ৰাওনা
গুৱাহাটী, ০৬ নৱেম্বৰ(হি.স.)। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা ২৭০ টা অমৃত কলহ আজি গুৱাহাটীৰ পৰা গহপুৰলৈ ৰাওনা কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ জৰিয়তে আজি অমৃত কলহ যাত্ৰাৰ শুভাৰম্
২৭০ টা অমৃত কলহ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা গহপুৰলৈ ৰাওনা


গুৱাহাটী, ০৬ নৱেম্বৰ(হি.স.)। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা ২৭০ টা অমৃত কলহ আজি গুৱাহাটীৰ পৰা গহপুৰলৈ ৰাওনা কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ জৰিয়তে আজি অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰা হৈছে।

দেশৰ স্বাধীনতা প্ৰাপ্তিৰ ৭৫ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা বিভিন্ন কাৰ্য্যসূচীৰ অন্যতম “মোৰ দেশ মোৰ মাটি” অমৃত কলহ যাত্ৰা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুপ্ৰেৰণাত ২০২৩ চনৰ ২০ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ অসমৰ প্ৰত্যেকখন গাও পঞ্চায়ত আৰু অসমৰ প্ৰতিটো পৌৰ এলেকাৰ ৱাৰ্ডৰ প্ৰতিঘৰ মানুহৰ পৰা কিছু মাটি বা চাউল অমৃত কলহত সংগ্ৰহ কৰা হৈছিল।সমগ্ৰ অসমৰ পৰা উক্ত অমৃত কলহ সমূহ গুৱাহাটী মহানগৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ প্ৰেৰণ কৰা হৈছিল। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা সংগৃহীত সৰ্বমুঠ কলহৰ সংখ্যা ৫৪০ টা।

ইয়াৰ ভিতৰত ২৭০ টা কলহ দিল্লীৰ স্বহীদ স্মাৰকৰ সমীপত নিৰ্মাণ হবলগীয়া অমৃত উদ্যানলৈ প্ৰেৰণ কৰা হৈছিল আৰু আন ২৭০টা কলহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা হৈছিল।সংৰক্ষণৰ উদ্দেশ্য আছিল গহপুৰত নিৰ্মাণ হবলগীয়া কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাসৰ দিনা অৰ্পন কৰা।পুৰ্ব পৰিকল্পনা অনুসৰি আজি এক মাংগলিক কাৰ্য্যসূচীৰ জৰিয়তে গুৱাহাটীৰ পৰা গহপুৰলৈ কলহ যাত্ৰা অনুষ্ঠিত হৈছে।

আজি অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে এই বিষয়ে উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande