জুবিন গাৰ্গৰ ন্যায়ৰ বাবে জুবিন ক্ষেত্ৰলৈ বোকাখাতৰ পৰা দৌৰ আৰম্ভ কৰিলে এজন যুৱকে
গোলাঘাট, ০৪ নৱেম্বৰ (হি.স.)। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই, জুবিন গাৰ্গৰ ন্যায়ৰ বাবে জুবিন ক্ষেত্ৰলৈ খালি ভৰিৰে বোকাখাত কুৰুৱাবাহীৰ পৰা দৌৰ আৰম্ভ কৰিলে এজন যুৱকে । জুবিন গাৰ্গক জীৱিত কালত লগ পোৱাৰ বহুত হেঁপাহ আছিল বোকাখাত কুৰুৱাবাহীৰ দিপজ্যোতি দা
জুবিন গাৰ্গৰ ন্যায়ৰ বাবে জুবিন ক্ষেত্ৰলৈ বোকাখাতৰ পৰা দৌৰ আৰম্ভ কৰিলে এজন যুৱকে


গোলাঘাট, ০৪ নৱেম্বৰ (হি.স.)। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই, জুবিন গাৰ্গৰ ন্যায়ৰ বাবে জুবিন ক্ষেত্ৰলৈ খালি ভৰিৰে বোকাখাত কুৰুৱাবাহীৰ পৰা দৌৰ আৰম্ভ কৰিলে এজন যুৱকে । জুবিন গাৰ্গক জীৱিত কালত লগ পোৱাৰ বহুত হেঁপাহ আছিল বোকাখাত কুৰুৱাবাহীৰ দিপজ্যোতি দাস নামৰ যুৱক জনৰ । মঙলবাৰে কুৰুৱাবাহী সত্ৰ গোপাল দেৱ নামঘৰৰ প্ৰাঙ্গনত এজোপা নাহৰ পুলি ৰোপন কৰি সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ বুলি দৌৰ আৰম্ভ কৰে বোকাখাত কুৰুৱাবাহীৰ যুৱকজনে ।

পৰবৰ্তী চাৰিদিনৰ ভিতৰত যুৱকজনে গুৱাহাটীৰ পাৰ্শ্ববৰ্তী সোণাপুৰ স্থিত জুবিন গাৰ্গ ক্ষেত্ৰত উপস্থিত হব বুলি সংবাদ মাধ্যমক অবগত কৰে। সোণাপুৰৰ পৰা বোকাখাটলৈ দুৰত্ব ২১৯ কি.মি.। নিশা কোনো হোটেল অথবা অতিথিশালাত আশ্ৰয় গ্ৰহণ কৰিব বুলি জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande