গোলকগঞ্জৰ টাইবানত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা, মহিলা নিহত
ধুবুৰী, ০৪ নৱেম্বৰ (হি.স.)। ধুবুৰীৰ গোলকগঞ্জত আজি এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। গোলকগঞ্জৰ টাইবানত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়াবহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা অনুসৰি এখন এ এছ ১৭ চি ৯৯২৪ নম্বৰৰ
গোলকগঞ্জৰ টাইবানত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা, মহিলা নিহত


ধুবুৰী, ০৪ নৱেম্বৰ (হি.স.)। ধুবুৰীৰ গোলকগঞ্জত আজি এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। গোলকগঞ্জৰ টাইবানত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়াবহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা অনুসৰি এখন এ এছ ১৭ চি ৯৯২৪ নম্বৰৰ অটো আৰু এখন ডব্লিউ বি ৬৩ বি ৭০২৭ নম্বৰৰ মালবাহী বলেৰো পিক আপ ভেনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। ফলত থিতাতে গৰাকী মহিলা নিহত হোৱাৰ লগতে গুৰুতৰ ভাবে আহত হয় ৪ জনকৈ লোক।

ইফালে এই দুৰ্ঘটনাৰ খবৰ লাভ কৰি স্থানীয় আৰক্ষীৰ লোক ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু নিহত মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande