তামুলপুৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আৰু লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ঐক্য যাত্ৰাৰ আয়োজন
তামুলপুৰ, ০৪ নৱেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰতো কাইলৈ, অৰ্থাৎ ৫ নৱেম্বৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰদ
তামুলপুৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আৰু লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ঐক্য যাত্ৰাৰ আয়োজন ।


তামুলপুৰ, ০৪ নৱেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰতো কাইলৈ, অৰ্থাৎ ৫ নৱেম্বৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তদুপলক্ষে আজি তামুলপুৰৰ আৱৰ্ত ভৱনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলযোগে জিলা আয়ুক্তগৰাকীয়ে কয় যে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কাইলৈ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলাখনৰ প্ৰায় তিনি হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে তেখেতৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰিব। ইয়াৰ বাবে জিলাখনৰ প্ৰতিখন বিদ্যালয়ত ইতিমধ্যে হাজৰিকাদেৱৰ উক্ত গীতটোৰ আখৰা চলি আছে। এইক্ষেত্ৰত জিলাখনৰ বিভিন্ন বিভাগ, অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ বিষয়া-কৰ্মচাৰীসকলক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনোৱাৰ লগতে নানা জাতি-জনগোষ্ঠীৰ মিলনভূমি তামুলপুৰৰ সকলো জাতি-জনগোষ্ঠীৰ লোকক ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এই চতুৰ্দশ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি ইতিপূৰ্বে ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা তামুলপুৰৰ ২১গৰাকী শিল্পীয়েও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশেষ অনুষ্ঠান পৰিৱেশন কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে। উক্ত সংবাদমেলৰ সমান্তৰালভাৱে ভাৰতৰ লৌহপুৰুষ, জাতীয়তাবাদী নেতা, স্বাধীনতা আন্দোলনৰ এজন অন্যতম প্ৰতিষ্ঠাপক চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বৰ্ষীয় জন্মজয়ন্তী সন্দৰ্ভতো জিলা আয়ুক্তগৰাকীয়ে আন এখন সংবাদমেল সম্বোধন কৰে। এই সন্দৰ্ভত তেওঁ কয় যে অহা ১৮ নৱেম্বৰৰ আগে আগে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতাৰ লগতে ১৮ নৱেম্বৰত শেষ হোৱাকৈ জিলাভিত্তিক এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ অধীনত উপকৃত হ'বলৈ সক্ষম হৈছিল, সেই শিক্ষানুষ্ঠানসমূহত চৰ্দাৰ বল্লভভাই পেটেল আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ ওপৰত একোখনকৈ ছেমিনাৰৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি ১৮ নৱেম্বৰৰ পুৱা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ পৰা এক বিশেষ পদযাত্ৰা আৰম্ভ কৰা হব।

উক্ত পদযাত্ৰাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু কিছুমান বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থাও থাকিব। এই পদযাত্ৰাত তামুলপুৰৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ শিল্পীসকলক অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে উক্ত দিনজোৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী তথা সমূহ ৰাইজক অংশগ্ৰহণ কৰি কাৰ্যসূচীসমূহ সাফল্যমণ্ডিত কৰি তুলিবলৈ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আহ্বান জনাইছে। আজিৰ এই সংবাদমেলত জিলা আয়ুক্তগৰাকীৰ লগতে তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তাবুৰাম পেগু, অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰ, ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত কবিতা ফাংছ', অৰুণিমা কাকতি, অজিতাভ ভৌমিককে ধৰি জিলা প্ৰশাসনৰ কেবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande