
তিনিচুকীয়া,০৪ নৱেম্বৰ (হি.স.)। ডিগবৈ টিংৰাই কাঠগাৱৰ নামঘৰত অঞ্চলটোৰ সমুহ নামঘৰে একত্ৰিত হৈ অনুষ্ঠিত কৰা শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ উপলক্ষে আজি প্ৰথম দিনাৰ কাৰ্যসূচী ভাগৱত ভ্ৰমণ বাহিৰ কৰা হয়। শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা ভাগৱত ভ্ৰমণ উদ্বোধন কৰে স্থানীয় বিধায়ক সুৰেন ফুকনে। ইয়াৰ পূৰ্বে ধৰ্ম ধ্বজা উত্তোলন কৰে আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি কৃষ্ণ গগৈয়ে ।
স্মৃতি তৰ্পন কৰে ধৰ্মপ্ৰাণ ব্যক্তি মনিৰাম শইকীয়া, নৰেন বুঢ়াগোহাঁই, মল্লিকা ফুকন , দুলাল মৰাণ কৰে ধৰি বহু ভক্তই। সমগ্ৰ টিংৰাই অঞ্চল পৰিভ্ৰমণ কৰা ভাগৱত ভ্ৰমণত সমাজসেৱক নত্বভূষন সোনোৱাল, পাৰুলৰ গগৈ, ৰিম্পী গগৈ, আয়োজক সমিতি সম্পাদক গুণমনি বৰগোহাঁই, নিপু কলিতা, ভবেন খেৰুৱাৰ সহ বহু গণ্যমাণ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ভাগৱত ভ্ৰমণত হৰি নামৰ আৰু দেৱবাদ্য ধ্বনিত আকাশ বতাহ ৰজনজনাই যায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু