জুবিন অনুৰাগীৰ বাবে এক ভাল খবৰ, জুবিন ক্ষেত্ৰত জমা হোৱা লক্ষাধিক গামোচা বিচাৰিলে প্ৰদান কৰা হব অনুৰাগীক
কামৰূপ, ০৪ নৱেম্বৰ (হি.স.)। প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ আগবঢ়োৱা গামোচাই সকলোৰে অলক্ষিতে গঢ়িছে আন এক অভিলেখ। ইতিমধ্যে জমা হৈছে কেইবালক্ষাধিক গামোচা। এই গামোচাসমূহ অৰ্পণ কৰা হ''ব অনুৰাগীক । ইতিমধ্যে ডিমৰীয়া সমজিলা প্ৰশাসনে আ
জুবিন অনুৰাগীৰ বাবে এক ভাল খবৰ


জুবিন অনুৰাগীৰ বাবে এক ভাল খবৰ


কামৰূপ, ০৪ নৱেম্বৰ (হি.স.)। প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ আগবঢ়োৱা গামোচাই সকলোৰে অলক্ষিতে গঢ়িছে আন এক অভিলেখ। ইতিমধ্যে জমা হৈছে কেইবালক্ষাধিক গামোচা। এই গামোচাসমূহ অৰ্পণ কৰা হ'ব অনুৰাগীক ।

ইতিমধ্যে ডিমৰীয়া সমজিলা প্ৰশাসনে আজিৰে পৰা জুবিন ক্ষেত্ৰত স্থাপন কৰা বিশেষ কক্ষৰ পৰা বিতৰণ কৰা হ'ব এই গামোচা সমূহ। প্ৰথম অৱস্থাত এই গামোচা আবেদনৰ ভিত্তিত বিভিন্ন দল সংগঠনলৈ পাঁচখনকৈ আগবঢ়োৱা হ'ব। পৰৱৰ্তী পৰ্যায়ত ব্যক্তিগতভাৱেও এই স্মৃতি সংগ্ৰহ কৰিব পাৰি অনুৰাগীয়ে। পুৱা দহ বজাৰ পৰা আবেলি তিনি বজালৈ বিতৰণ কৰা হ'ব এই গামোচাসমূহ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande