চৰাইদেউৰ দ'লবাগানত আছাৰ প্ৰতিবাদ
চৰাইদেউ, ০৪ নৱেম্বৰ (হি.স.)। চৰাইদেউৰ দ''লবাগানত আছাৰ প্ৰতিবাদ । চৰাইদেউ চাহ বাগিছা পুনৰ মুকলিৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে আছাৰ প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , যোৰহাটৰ সাংসদ গৌৰৱ গগৈ , স্থানীয় বি
চৰাইদেউৰ দ'লবাগানত আছাৰ প্ৰতিবাদ


চৰাইদেউ, ০৪ নৱেম্বৰ (হি.স.)। চৰাইদেউৰ দ'লবাগানত আছাৰ প্ৰতিবাদ । চৰাইদেউ চাহ বাগিছা পুনৰ মুকলিৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে আছাৰ প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , যোৰহাটৰ সাংসদ গৌৰৱ গগৈ , স্থানীয় বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে বিগত ৩ বছৰে বাগিছাখন বন্ধ হৈ থকাৰ ফলত ক্ষুব্ধ হৈ পৰিছে বাগান কৰ্মী তথা চাহ শ্ৰমিকসকল। আজি সেয়াই চৰাইদেউ চাহ বাগিছাখন পুনৰ মুকলিৰ দাবীত আছাৰ নেতৃত্বত শ্ৰমিকসকল ওলায় আহে আৰু বিভিন্ন প্ৰতিবাদী ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande