
গোলাঘাট, ০৪ নৱেম্বৰ (হি.স.)। অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বিশাল গণ হুংকাৰ কাৰ্যসূচী। নগাৰ আগ্ৰাসন আৰু সীমান্তবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ৰূপায়ণ কৰে এই কাৰ্যসূচী ।
ৰাইজৰ উদ্যোগত অনুষ্ঠিত গণ হুংকাৰ কাৰ্যসূচীত জাতীয় দল-সংগঠনৰ বিষয়ববীয়াই অংশ গ্রহণ কৰি চৰকাৰক তীব্র সমালোচনা কৰে । ৰাজ্য চৰকাৰে নগাৰ আগ্ৰাসন, সীমান্তবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্রদানত চূড়ান্ত ভাবে ব্যৰ্থ হোৱাৰ অভিযোগ তোলে সংগঠন সমূহে । গণহুংকাৰ কাৰ্যসূচীত উপস্থিত ৰাইজৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্র সমজিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্রীলৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু