
তামুলপুৰ, ০৪ নৱেম্বৰ (হি.স.)। এক ভাৰত শ্ৰেষ্ঠ ভাৰত, আত্মনিৰ্ভৰশীল ভাৰত আৰু ভাৰতৰ লৌহ মানৱ, জাতীয়তাবাদী নেতা, স্বাধীনতা আন্দোলনৰ এজন অন্যতম প্ৰতিষ্ঠাপক চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বৰ্ষীয় জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি তামুলপুৰ জিলা প্ৰশাসনে এক বিস্তৃত কাৰ্যসূচী ৰূপায়ণৰ যো-জা চলোৱাৰ পৰিপ্ৰেক্ষিতত আজি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে তামুলপুৰৰ আৱৰ্ত ভৱনত এখন সংবাদমেল সম্বোধন কৰি কয় যে- ১৮ নৱেম্বৰৰ আগে আগে জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৰচনা প্ৰতিযোগিতাৰ লগতে ১৮ নৱেম্বৰত শেষ হোৱাকৈ জিলা ভিত্তিক এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
ইয়াৰ উপৰি উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ অধীনত উপকৃত হ'বলৈ সক্ষম হৈছিল, সেই শিক্ষানুষ্ঠান সমূহত চৰ্দাৰ বল্লভভাই পেটেল আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ ওপৰত একোখনকৈ ছেমিনাৰৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি ১৮ নৱেম্বৰৰ পুৱা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণৰ পৰা এক বিশেষ পদযাত্ৰা আৰম্ভ কৰা হব।
উক্ত পদযাত্ৰাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু কিছুমান বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থাও থাকিব। উক্ত পদযাত্ৰাত তামুলপুৰৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ শিল্পী সকলক পদযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে উক্ত দিনজোৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ তথা সমূহ ৰাইজক অংশগ্ৰহণ কৰি কাৰ্যসূচী সমূহ সাফল্যমণ্ডিত কৰি তুলিবলৈ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আহ্বান জনাইছে।
আজিৰ সংবাদমেলত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তাবুৰাম পেগু, অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰ, ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত কবিতা ফাংছ', অৰুণিমা কাকতিকে আদি কৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু