
বৰপেটা, ০৪ নৱেম্বৰ (হি.স.)। কলগাছিয়া মহকুমা কৃষক মুক্তি,ছাত্র মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত পুৱা ১১ বজাৰ পৰা ১ বজালৈ পালন কৰা হব অৱস্থান ধর্মঘট।
বৰপেটা জিলাৰ বৰপেটাৰ পৰা জনীয়াহৈ অভয়াপুৰীলৈ যোৱা ২নং বিকল্প ৰাজ্যিক ঘাইপথৰ কৰাৰকুৰ বেঁকী দলঙৰ এটা খুটি তলফালে বহি যোৱাত দলঙৰ ওপৰেদি প্ৰায় এমাহে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই। ফলত ৰোগী, বয়সস্থ লোক, ছাত্ৰ-ছাত্ৰী আৰু পথচাৰী সকল যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।
সেয়েহে দলংখনৰ ওপৰেদি অতি সোনকালে দুচকীয়া বাহন আৰু এম্বুলেন্সৰ যাতায়ত সুচল কৰাৰ লগতে দলংখন অতি সোনকালে মেৰামতি কৰাৰ দাবীত কৰাৰকুৰত ২ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ পালন কৰাৰ লগতে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীৰ জৰিয়তে অসম চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অতি সোনকালে উক্ত দাবী পুৰণ নকৰিলে পৰৰ্বতী সময়ত ৰাইজৰ সহযোগত ভয়াবহ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ ধৰ্মঘটকাৰী সকলৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা