এইচ ডি কুমাৰস্বামীয়ে আৰম্ভ কৰিলে পিএলআই আঁচনিৰ তৃতীয় পৰ্যায় পিএলআই ১.২
নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। চৰকাৰে বিশেষ তীখাৰ বাবে প্ৰডাকচন-লিংকড ইনচেন্টিভ (পিএলআই) আঁচনিৰ তৃতীয় পৰ্যায়ৰ পিএলআই ১.২ আৰম্ভ কৰে । কেন্দ্ৰীয় তীখা আৰু গধুৰ উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে মঙলবাৰে মুকলি কৰে। এই পদক্ষেপক আত্মনিৰ্ভৰ ভাৰতৰ দ
पीएलआई 1.2 का शुभारंभ करते केंद्रीय इस्पात एवं भारी उद्योग मंत्री एच. डी. कुमारस्वामी


पीएलआई 1.2 का शुभारंभ करते केंद्रीय इस्पात एवं भारी उद्योग मंत्री एच. डी. कुमारस्वामी


নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। চৰকাৰে বিশেষ তীখাৰ বাবে প্ৰডাকচন-লিংকড ইনচেন্টিভ (পিএলআই) আঁচনিৰ তৃতীয় পৰ্যায়ৰ পিএলআই ১.২ আৰম্ভ কৰে । কেন্দ্ৰীয় তীখা আৰু গধুৰ উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে মঙলবাৰে মুকলি কৰে। এই পদক্ষেপক আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ অধীনত ভাৰতক বিশ্বব্যাপী তীখাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

তীখা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কেন্দ্ৰীয় তীখা আৰু গধুৰ উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে ইয়াত বিশেষ তীখাৰ বাবে পি এল আই আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। তীখা মন্ত্ৰালয়ৰ পিএলআই আঁচনিখনে এতিয়ালৈকে বিনিয়োগ, ৩০,৭৬০ লোকৰ বাবে প্ৰত্যক্ষ নিয়োগ, আৰু আঁচনিৰ অধীনত চিনাক্ত কৰা ১ কোটি ৪৩ লাখ টন বিশেষ তীখাৰ আনুমানিক উৎপাদনৰ ক্ষেত্ৰত ৪৩,৮৭৪ কোটি টকাৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰিছে।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই আঁচনিখনৰ প্ৰথম দুটা ৰাউণ্ডত অংশগ্ৰহণ কৰা কোম্পানীসমূহে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহলৈকে ২২,৯৭৩ কোটি টকা বিনিয়োগ কৰি ১৩,২৮৪ টা চাকৰিৰ সৃষ্টি কৰিছে।২০২১ চনৰ জুলাই মাহত কেবিনেটে অনুমোদন জনোৱা বিশেষ তীখাৰ বাবে পিএলআই আঁচনিখন আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ভাৰতক তীখা উৎপাদনৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তৃতীয় ৰাউণ্ড (পিএলআই ১.২)ৰ লক্ষ্য হৈছে উদীয়মান আৰু উন্নত ষ্টীল সামগ্ৰী, যেনে ছুপাৰ এলয়, চিআৰজিঅ’, ষ্টেইনলেছ ষ্টীলৰ দীঘল আৰু সমতল সামগ্ৰী, টাইটানিয়াম এলয়, আৰু আৱৰণযুক্ত ষ্টীলত নতুন বিনিয়োগ আকৰ্ষণ কৰা। ইয়াৰ ফলত যথেষ্ট চাকৰি সৃষ্টি হ’ব, উচ্চমানৰ তীখাৰ ক্ষমতা সম্প্ৰসাৰণ হ’ব, আৰু বিশেষ তীখাৰ বাবে বিশ্বব্যাপী মূল্য শৃংখলত ভাৰতক পছন্দৰ যোগানকাৰী হিচাপে প্ৰতিষ্ঠা হ’ব বুলি আশা কৰা হৈছে।

তীখা মন্ত্ৰালয়ে জনোৱা মতে, পিএলআই আঁচনিখনে এতিয়ালৈকে ৪৩,৮৭৪ কোটি টকাৰ প্ৰতিশ্ৰুতিবদ্ধ বিনিয়োগ আকৰ্ষণ কৰিছে, ইয়াৰে ২২,৯৭৩ কোটি টকা ইতিমধ্যে বিনিয়োগ কৰা হৈছে, আনহাতে প্ৰথম দুটা ৰাউণ্ডৰ অধীনত ১৩,০০০ৰো অধিক চাকৰিৰ সৃষ্টি হৈছে। এই আঁচনিখনে ছুপাৰএলয়, চি আৰ জি অ’, এলয় ফৰ্জিং, ষ্টেইনলেছ ষ্টীল (দীঘল আৰু সমতল), টাইটানিয়াম এলয়, আৰু আৱৰণযুক্ত ষ্টীলকে ধৰি ২২টা পণ্যৰ উপ-শ্ৰেণী সামৰি লৈছে। আঁচনিখনৰ অধীনত প্ৰৰোচনাৰ হাৰ ৪%ৰ পৰা ১৫%লৈকে, যিটো ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হোৱা পাঁচ বছৰৰ বাবে প্ৰযোজ্য। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা বিতৰণ আৰম্ভ হ’ব। বৰ্তমানৰ ধাৰাসমূহক ভালদৰে প্ৰতিফলিত কৰিবলৈ মূল্য নিৰ্ধাৰণৰ বাবে ভিত্তি বছৰটোও ২০২৪-২৫ বিত্তীয় বৰ্ষলৈ আপডেট কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande