ৰাজ্যত দ্বিতীয় দিনাও বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাত এনএইছএম কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত
হাইলাকান্দি, ০৪ নৱেম্বৰ (হি.স.)। ৰাজ্যত দ্বিতীয় দিনাও বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাত এনএইছএম কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত আছে। তিনিদিনীয়াকৈ জিলা স্বাস্থ্য বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত ক’লা বেজ পৰিধান কৰি কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট
ৰাজ্যত দ্বিতীয় দিনাও বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাত এনএইছএম কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত


হাইলাকান্দি, ০৪ নৱেম্বৰ (হি.স.)। ৰাজ্যত দ্বিতীয় দিনাও বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাত এনএইছএম কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত আছে। তিনিদিনীয়াকৈ জিলা স্বাস্থ্য বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত ক’লা বেজ পৰিধান কৰি কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিছে ৷

প্ৰতিবাদৰ জৰিয়তে সম কামৰ সম অধিকাৰ, ই পি এছ বা ছি পি এছ ব্যৱস্থা কৰা, চাকৰি কালত মৃত্য়ুবৰণ কৰিলে সম হাৰত আৰ্থিক সাহায্য় প্ৰদানৰ লগতে কেইবাটাও দাবীৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। শিলচৰ অসামৰিক চিকিতসালয়ত এইদৰে অবস্থান ধৰ্মঘট পালন কৰিছে এনএইছএম কৰ্মী সকলে।এনএইছএম কৰ্মচাৰীৰ আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ ফলত একাংশ ৰোগী চিকিৎসা সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে। দুৰণিবতীয়া ৰোগী সকল চিকি

ৎসাৰ বাবে আহি চিকিৎসাৰ পৰা বঞ্চিত হব লগা হোৱাত ভীষণ অসুবিধাৰ সন্মুখীন হব লগা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande