বাক্সাত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হব সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু তিথি
বাক্সা, ০৪ নৱেম্বৰ (হি.স.)। কাইলৈ বাক্সাত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হব সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু তিথি। তিনি হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব সুধাকন্ঠৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে। আজি বাক্সা জিলা আয়ুক্তৰ এক সংবাদমেলৰ জৰিয়তে

সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উদযাপন সম্পৰ্কে সংবাদ মাধ্য়মত অবগত কৰে। জিলা খনৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হব মৃত্যু দিৱসৰ কাৰ্যসূচী।

সংবাদ মেলত জিলা আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া অনুসৰি ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ উপৰিও অহা ৭ নবেম্বৰত অনুষ্ঠিত হব চৰ্দাৰ বল্লভভাই পেটেলৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে এক ভাৰত, আত্ম নিৰ্ভৰশীল ভাৰতৰ কাৰ্যসূচী। লগতে অহা ১৫ নবেম্বৰত অনুষ্ঠিত কৰিব বীৰচা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে আদিবাসী দিৱস।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande