
চিৰাং, ০৪ নৱেম্বৰ (হি.স.)। মুছলপুৰ মাদুলিবাৰীত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্ততি । সাতদিনীয়া ৰাস মহোৎসৱত থাকিব বিস্তৃত কাৰ্যসূচী । কাইলৈৰ পৰা প্ৰান্তে-প্ৰান্তে উদযাপন হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ । ৰাস মহোৎসৱ উদযাপন স্থলী সমূহত দেখা গৈছে উদযাপনৰ চূড়ান্ত প্ৰস্তুতি । বাক্সাৰ বি চি ব্লক, মাদুলিবাৰী শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ স্থলীতো দেখিবলৈ পোৱা গৈছে চূড়ান্ত প্ৰস্তুতি ।
এইবেলি উক্ত ৰাস মহোৎসৱ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে । প্ৰতি দিনে আছে বিস্তৃত কাৰ্যসূচী । সকলো জাতি-জনগোষ্ঠী-ধৰ্মৰ লোকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱ । ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা