
শোণিতপুৰ, ০৪ নৱেম্বৰ (হি.স.)। আজি ওৰাং নিকটৱৰ্তী বৰছলা শাখা ছাত্ৰ সন্থাৰ সৌজন্যত ড°ভূপেন হাজৰিকাৰ নৱনিৰ্মিত প্ৰতিমূৰ্তি উন্মোচন।
প্ৰথম দিনটোৰ পৰাই আমি জুবিন গাৰ্গৰ অস্বভাৱিক মৃত্যুৰ ক্ষেত্ৰত মাত মাতি আহিছোঁ ন্যায় ন্যায় বুলি কৈ থাকিলেই নহ'ব দোষীক উচিত শাস্তি প্ৰদান কৰিলেহে উচিত ন্যায় প্ৰদান কৰা হ'ব। প্ৰতিমূৰ্তি অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে আছুৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই।
ওৰাঙৰ নিকটৱৰ্তী বৰছলাত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ এদিন পূৰ্বে বৰছলা শাখা ছাত্ৰ সন্থাৰ সজৌজন্যত আয়োজিত গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত মহান শিল্পী জনৰ নৱনিৰ্মিত প্ৰতিমূৰ্তি উন্মোচন কৰা হ'য় আনহাতে উক্ত অনুষ্ঠানতে 'আছুৰ, কেন্দ্ৰীয় উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই উপস্থিত হৈ শিল্পী সকলৰ অসুস্থতা বা পৰিয়ালৰ ভৰণপোষণৰ দ্বায়িত্ব চৰকাৰে ল'ব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে।
বিয়লি বৰছলা সুধাকণ্ঠ সমন্বয় ক্ষেত্ৰত এহেজাৰ আই-মাতৃৰ দ্বাৰা দিহানাম আৰু হৰিনাম প্ৰদৰ্শন কৰি এক অন্যান্য মাত্ৰ প্ৰধান কৰে l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু