৫ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ ১৮ দিনীয়া কাৰ্যসূচীৰে বৰপেটাৰোডত অনুষ্ঠিত হব ৯৭ সংখ্যক ৰাস মহোৎসৱ
বৰপেটা, ০৪ নৱেম্বৰ (হি.স.)। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথো কেইটামান ঘন্টা বাকী । ৫ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ ১৮ দিনীয়া কাৰ্যসূচীৰে বৰপেটাৰোডত অনুষ্ঠিত হব ৯৭ সংখ্যক ৰাস মহোৎসৱ । বৰ্ণাঢ্য আৰু ব্যতিক্ৰমী কাৰ্যক্ৰমণিকাৰে বৰপেটাৰোড চহৰত অনুষ্ঠিত
৫ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ ১৮ দিনীয়া কাৰ্যসূচীৰে বৰপেটাৰোডত অনুষ্ঠিত হব ৯৭ সংখ্যক ৰাস মহোৎসৱ


বৰপেটা, ০৪ নৱেম্বৰ (হি.স.)। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথো কেইটামান ঘন্টা বাকী । ৫ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ ১৮ দিনীয়া কাৰ্যসূচীৰে বৰপেটাৰোডত অনুষ্ঠিত হব ৯৭ সংখ্যক ৰাস মহোৎসৱ ।

বৰ্ণাঢ্য আৰু ব্যতিক্ৰমী কাৰ্যক্ৰমণিকাৰে বৰপেটাৰোড চহৰত অনুষ্ঠিত হবলগীয়া ৯৭ সংখ্যক বৰপেটা ৰাস মহোৎসৱৰ প্ৰস্তুতি আৰু কাৰ্যক্ৰমণিকা সম্পৰ্কে বৰপেটাৰোড ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আজি এখন সংবাদমেল সম্বোধন কৰে.। বৰপেটাৰোড ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰাজেশ সৰকাৰ আৰু সম্পাদক চন্দন দাসে এখন সংবাদমেল সম্বোধন কৰি ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা বুলি সংবাদমেলত অবগত কৰে ।

৫ নৱেম্বৰত ৰাস মন্দিৰত শ্ৰীকৃষ্ণৰ যথাবিহিত পূজা অৰ্চনা অনুষ্ঠিত হব। ৬ নৱেম্বৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৯৮৭ সংখ্যক বৰপেটাৰোড ৰাস মহোৎসৱৰ মুল দ্বাৰ মুকলিৰে ৰাস মহোৎসৱ উদ্বোধন কৰিব। বৰপেটাৰোড ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে এইবেলি হেমেন দাসক ২০২৫ বৰ্ষৰ বৰপেটাৰোড বঁটা আৰু ওংকাৰমল কেডিয়াক মথুৰা মোহন হিতৈষী বঁটা প্ৰদান কৰিব ।

বৰপেটাৰোড ৰাস মহোৎসৱৰ আধ্যাত্মিকতাৰ লগতে মীনা বজাৰ, সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহনৰ লগতে জুবিন গাৰ্গৰ শিল্প কৃতিৰ প্ৰদৰ্শনৰ আয়োজন কৰিছে । ইপিনে গ্ৰন্থ মেলা, মেলা বজাৰ, মীনা বজাৰ, আদিৰ লগতে কবি সন্মিলন, আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে।

সংবাদ মেলত সম্পাদক চন্দন দাসে জনোৱা মতে- এইবেলি ১কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। এইবেলি বৰপেটাৰোড ৰাসত বিভিন্ন মৃন্ময় মুৰ্ত্তিৰ লগতে জুবিন গাৰ্গৰ লেজাৰ শ্ব' আৰু ৩৫ ফুট উচ্চতাৰ ৰাধা কৃষ্ণৰ যুগল মূৰ্তি নিৰ্মাণ কৰা হৈছে । নিসন্দেহে এইবেলি ৰাধা কৃষ্ণৰ যুগল মূৰ্তি ভক্ত দৰ্শনাৰ্থীৰ মুল আকৰ্ষণ হব ।

১৮ দিন জুৰি চলিব থকা ৰাস মহোৎসৱৰ প্ৰতিটো দিনতে বিবিধ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এইবেলি মুম্বাইৰ কুনাল গাঞ্জাৱালা, দেৱা গীৎচ, মৰ্মিতা মিত্ৰৰ লগতে কেবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহন কৰিব।

সংবাদমেলত বৰপেটাৰোড ৰাস মহোৎসৱ উদযাপন সমিতিৰ কেবাগৰাকীও বিষয়ববীয়াই অংশগ্রহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande