
তামুলপুৰ, ০৪ নৱেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰতো কাইলৈ অৰ্থাৎ ৫ নৱেম্বৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত ভাৰত ৰত্ন সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
বিষয়টো সন্দৰ্ভত অবগত কৰিবলৈ আজি তামুলপুৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এখন সংবাদমেল সম্বোধন কৰে।
তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কাইলৈ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ভাৰত ৰত্ন সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা খনৰ প্ৰায় তিনি হাজাৰ ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিবেশন কৰিব। ইয়াৰ বাবে জিলা খনৰ প্ৰতিখন বিদ্যালয়ত ইতিমধ্যে ড⁰ ভূপেন হাজৰিকা মানুহে মানুহৰ বাবে গীতটোৰ আখৰা চলি আছে। এইক্ষেত্ৰত জিলা খনৰ বিভিন্ন বিভাগ, অনুষ্ঠান, প্ৰতিষ্ঠান আদিৰ বিষয়া কৰ্মচাৰী সকলক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জিলা আয়ুক্ত গৰাকীয়ে আহ্বান জনোৱাৰ লগতে নানা জাতি জনগোষ্ঠীৰ মিলনভূমি তামুলপুৰৰ সকলো জাতি জনগোষ্ঠীৰ লোকক ভাৰত ৰত্ন , সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাৰ এই চতুৰ্দশ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তেওঁ পুণৰ আহ্বান জনায়।
ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰা তামুলপুৰৰ ২১ গৰাকী শিল্পীয়েও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশেষ অনুষ্ঠান পৰিবেশন কৰিব বুলি জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।
আজিৰ সংবাদমেলত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তাবু ৰাম পেগু, অতিৰিক্ত জিলা আয়ুক্ত ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত কবিতা ফাংছ, অৰুণিমা কাকতিকে আদি কৰি জিলা প্ৰশাসনৰ কেইবা গৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা