
হানয়, ০৩ নৱেম্বৰ (হি.স.)। মধ্য ভিয়েটনামত বানপানী আৰু ভূমিস্খলনৰ পৃথক পৃথক কাণ্ডত কমেও ৩৭ জন লোকৰ মৃত্যু হৈছে। ইফালে, চলিত সপ্তাহৰ শেষৰ ফালে দেশৰ মধ্য উপকূলীয় অঞ্চলত আন এটা ঘূৰ্ণীবতাহ উপস্থিত হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে।
ধাৰাসাৰ বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৭ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৫ জন লোক নিৰুদ্দেশ হোৱাৰ লগতে ৭৮ জন আহত হোৱা বুলি সোমবাৰে বিষয়াসকলে প্ৰকাশ কৰে।
অক্টোবৰৰ শেষৰ ফালে দেশত আৰম্ভ হোৱা অভিলেখ বৰষুণৰ ফলত কেইবাখনো গাঁও ডুব গৈছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে।
বিষয়াসকলে জনোৱা মতে, ডা নাংকে ধৰি বহু ক্ষেত্ৰত বিদ্যুৎ বিচ্ছিন্নতা আৰু ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰিছে। কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈ আছে। বিষয়াসকলে জনোৱা মতে, সোমবাৰে পুৱাৰে পৰা পুনৰ নদীসমূহৰ ঢৌ উঠিছে, হুৱে চহৰৰ হুয়ং আৰু ব’ নদীয়ে বিপদৰ চিন অতিক্ৰম কৰিছে। সমগ্ৰ অঞ্চলটোত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী দি ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনায়। ৰাজ্যিক সংবাদ মাধ্যমৰ মতে ক্ষতিগ্ৰস্ত অঞ্চললৈ খাদ্য, বিশুদ্ধ পানী, ঔষধ, আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। ভিয়েটনামৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ঘূৰ্ণীবতাহ কালমেঘী তীব্ৰতৰ হৈ পৰিছে আৰু দ্ৰুতগতিত দেশখনৰ মধ্য উপকূলৰ দিশে আগবাঢ়িছে। ফিলিপাইনছ অতিক্ৰম কৰাৰ পিছত বুধবাৰে দক্ষিণ চীন সাগৰত প্ৰৱেশ কৰিব। সেই সময়ত ইয়াৰ বতাহ ১৬৬ কিলোমিটাৰ প্ৰতি ঘণ্টাত (১০৩ মাইল প্ৰতি ঘণ্টা) পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ