
ছিউল, ০৩ নৱেম্বৰ (হি.স.)। সোমবাৰে দক্ষিণ কোৰিয়াত উপস্থিত হয় আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী পিট হেগছেথে, য’ত তেওঁ বৰ্তমান নিয়োজিত আমেৰিকান সৈন্যৰ ভূমিকা পুনৰ নিৰ্মাণৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব। উত্তৰ কোৰিয়াৰ সৈতে বাফাৰ জ’ন ডি এম জেডতো তেওঁ পৰিদৰ্শন কৰিব।
দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি উত্তৰ কোৰিয়াৰ বিৰুদ্ধে যৌথ প্ৰতিৰক্ষা প্ৰস্তুতি, আঞ্চলিক নিৰাপত্তা, চাইবাৰ আৰু মিছাইল প্ৰতিৰক্ষাৰ সৈতে জড়িত বিষয়সমূহত প্ৰতিৰক্ষা মন্ত্ৰী আহ্ন গ্যু-বাক আৰু আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী হেগছেথে সহযোগিতা সম্পৰ্কে চৰ্চা কৰিব।
বিবৃতি অনুসৰি সোমবাৰে দুয়োখন দেশৰ শীৰ্ষ প্ৰতিৰক্ষা বিষয়াই যৌথ বাহিনীৰ কৌশলগত আৰু কাৰ্যকৰী বিষয়ৰ বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰে। কিন্তু দুয়োজনে আঞ্চলিক নিৰাপত্তা পৰিৱেশক “জটিল আৰু অস্থিৰ” বুলি অভিহিত কৰে।
বিবৃতিটোত উল্লেখ কৰা হৈছে যে মঙলবাৰে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে বাৰ্ষিক নিৰাপত্তা আলোচনাৰ বৈঠকত অংশগ্ৰহণ কৰিব। এইখন উচ্চ পৰ্যায়ৰ বৈঠকত দুয়োখন দেশে নিজৰ সামৰিক অংশীদাৰিত্বৰ বাবে “ৰোডমেপ” প্ৰস্তুত কৰিব আৰু পাৰমাণৱিক অস্ত্ৰধাৰী উত্তৰ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষাৰ পৰিকল্পনা কৰিব। মন্ত্ৰালয়ে কয় যে দুয়োখন দেশে “পৰিৱৰ্তিত নিৰাপত্তা পৰিৱেশ আৰু ভাবুকি”ৰ সৈতে মোকাবিলা কৰিবলৈ অংশীদাৰিত্ব শক্তিশালী কৰাৰ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰিব।
মন কৰিবলগীয়া যে দক্ষিণ কোৰিয়াত নিয়োজিত ২৮,৫০০ সৈন্যৰ বাবে আমেৰিকাই অধিক সক্ৰিয় ভূমিকা লোৱাৰ কথা বিবেচনা কৰিছে। বিশেষকৈ দক্ষিণ চীন সাগৰ আৰু টাইৱানৰ আশে-পাশে চীনৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি এছিয়াত শক্তিৰ ভাৰসাম্য বজাই ৰখাৰ লক্ষ্যৰে এই কাম কৰা হৈছে। আমেৰিকাৰ বিষয়াসকলে ইংগিত দিছে যে কোৰিয়া উপদ্বীপৰ বাহিৰত আমেৰিকান বাহিনী মোতায়েন কৰা হ’ব পাৰে যাতে বহল ভাবুকিৰ মোকাবিলা কৰিব পাৰে, যেনে টাইৱানক ৰক্ষা কৰা আৰু চীনৰ সম্প্ৰসাৰিত সামৰিক প্ৰসাৰক প্ৰতিহত কৰা।
বিবৃতি অনুসৰি হেগছেথে উত্তৰ কোৰিয়াৰ সৈতে ডি এম জেড সীমান্তত অৱস্থিত পানমুনজোম গাঁও ভ্ৰমণ কৰিব। আহ্নে তেওঁৰ লগত যাব। পাৰমাণৱিক সশস্ত্ৰ উত্তৰ কোৰিয়াই ট্ৰাম্প আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-মিউঙৰ আলোচনাৰ প্ৰস্তাৱ নাকচ কৰি ক্ষেপণাস্ত্ৰ আৰু গতানুগতিক সামৰিক ক্ষমতা দ্ৰুতগতিত সম্প্ৰসাৰণ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ