শিৱসাগৰত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰি, চিন্তিত থলুৱা গাহৰি পালক
শিৱসাগৰ, ০৩ নৱেম্বৰ (হি.স.)। শিৱসাগৰ জিলাৰ কাকজান ১নং কোঁৱৰ গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হাজাৰ হাজাৰ গাহৰি ৷ দেওবাৰে শিৱসাগৰৰ পশুপালন বিভাগে নিধন কৰে প্ৰায় দুইশতাধিক গাহৰি৷ গাহৰি ফাৰ্মৰ বাবে ৪২ লাখ টকাৰ ঋণ লৈ লোকচানৰ সন্মুখীন কাকজানৰ জানমণ
শিৱসাগৰত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰি, চিন্তিত থলুৱা গাহৰি পালক


শিৱসাগৰ, ০৩ নৱেম্বৰ (হি.স.)। শিৱসাগৰ জিলাৰ কাকজান ১নং কোঁৱৰ গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হাজাৰ হাজাৰ গাহৰি ৷ দেওবাৰে শিৱসাগৰৰ পশুপালন বিভাগে নিধন কৰে প্ৰায় দুইশতাধিক গাহৰি৷ গাহৰি ফাৰ্মৰ বাবে ৪২ লাখ টকাৰ ঋণ লৈ লোকচানৰ সন্মুখীন কাকজানৰ জানমণি বুঢ়াগোহাঁই ৷ বিপাঙত পৰিছে কিকজানৰ জানমণিৰ পৰিয়ালৰ লগতে আৰু কেইবাটাও পৰিয়াল।

শিৱসাগৰ জিলাৰ কাকজান ১নং কোঁৱৰ গাঁৱত জানমণি বুঢ়াগোহাঁইৰ গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈছে গাহৰি ৷ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে থলুৱা গাহৰি পালক সকলে ৷ প্ৰথমে দহটা গাহৰি পালন কৰি চৰকাৰৰ পৰা লোৱা ঋণৰ মোটা ধন ৰাশিৰ জৰিয়তে বৰ্তমান জানমণিয়ে দুশৰো অধিক গাহৰি পালন কৰি নিজৰ লগতে আৰু তিনিটাকৈ পৰিয়ালৰ আৰ্থিক ভাবে সহায় কৰি আহিছিল ৷ প্ৰায় ৪২ লাখ টকাৰ ঋণৰে জানমণিয়ে সাতবছৰ ধৰি গাহৰি পালন কৰি বাছি লৈছিল উপাৰ্জনৰ পথ ৷ পোন প্ৰথমে এই ৰোগৰ লক্ষণ দেখি গাহৰি ফাৰ্মখনৰ তিনিটা গাহৰিৰ তেজৰ নমুনা শিৱসাগৰ পশুপালন বিভাগে সংগ্ৰহ কৰি আফ্ৰিকান ছোৱাইন ফিভাৰত গাহৰি যে আক্ৰান্ত সেইয়া নিশ্চিত কৰে ৷ আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হোৱাত দেওবাৰে শিৱসাগৰৰ জিলা পশুপালন বিভাগে নিধন কৰিছে প্ৰায় দুই শতাধিক গাহৰি৷

চিন্তিত থলুৱা গাহৰি পালক জানমণি বুঢ়াগোঁহাই৷ কিয়নো এই গাহৰি ফাৰ্ম আৰম্ভ কৰোতে ঋণ লৈছিল জানমণিয়ে ৷ যদিহে বিভাগীয় কৰ্তৃপক্ষই জানমণিক ঋণৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জানমণি বুঢ়াগোহাঁইয়ে মৃত্যুৰ দৰে পথ বাছি ল’বলৈয়ো বাধ্য হ’ব বুলি সংবাদ মাধ্যমৰ সন্মুখত ব্য়ক্ত কৰে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande