ভাৰতীয় সম্প্ৰদায়ৰ অৱদানক সন্মান জনাই ছৌদি আৰবত উদযাপিত ‘গ্ল’বেল হাৰমনি’ দৰে ‘ভাৰত সপ্তাহ’ উদযাপন
ৰিয়াধ, ০৩ নৱেম্বৰ (হি.স.)। ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ ছোৱাইদি পাৰ্কত দেওবাৰৰ পৰা আৰম্ভ হৈছে ‘গ্ল’বেল হাৰমনি’ উৎসৱৰ দ্বিতীয় সংস্কৰণ। এই সংস্কৰণৰ আৰম্ভণি হৈছিল ‘ভাৰত সপ্তাহ’ৰ পৰা। ছৌদি আৰৱৰ সংবাদ মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে এই বছৰ সংবাদ
सऊदी अरब में मनाया गया ‘इंडिया वीक


ৰিয়াধ, ০৩ নৱেম্বৰ (হি.স.)। ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ ছোৱাইদি পাৰ্কত দেওবাৰৰ পৰা আৰম্ভ হৈছে ‘গ্ল’বেল হাৰমনি’ উৎসৱৰ দ্বিতীয় সংস্কৰণ। এই সংস্কৰণৰ আৰম্ভণি হৈছিল ‘ভাৰত সপ্তাহ’ৰ পৰা।

ছৌদি আৰৱৰ সংবাদ মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে এই বছৰ সংবাদ মাধ্যম মন্ত্ৰালয় আৰু সাধাৰণ মনোৰঞ্জন কৰ্তৃপক্ষই যৌথভাৱে ‘ৰিয়াধ ছিজন’ত কেইবাটাও সাংস্কৃতিক আৰু মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানসমূহৰ আৰম্ভণি হয় ‘ভাৰত সপ্তাহ’ৰ পৰা, য’ত ছৌদি আৰৱলৈ ভাৰতীয় সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া অৱদানক সন্মান জনোৱা হ’ব।

সংগীত, নৃত্য, খাদ্য, শিল্প, আৰু পৰম্পৰাগত হস্তশিল্পৰ জৰিয়তেও ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব। কেইবাজনো ভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিনিধি, শিল্পী, আৰু সাংস্কৃতিক ব্যক্তিয়েও অংশগ্ৰহণ কৰিব, দুয়োখন দেশৰ মাজত ভাগ-বতৰা কৰা সাংস্কৃতিক সম্পৰ্কৰ ওপৰত ভাষণ দিব।

ইফালে চৌদি আৰৱত ভাৰতৰ ৰাষ্ট্ৰদূত ড০ ছুহেইল আজাজ খানে এই অনুষ্ঠানৰ প্ৰশংসা কৰি কয় যে ২০২৪ চনত পূৰ্বৰ অনুষ্ঠানৰ সফলতাৰ পিছত এইবাৰৰ অনুষ্ঠানটো আৰু ডাঙৰ আৰু অধিক দৰ্শনীয় হ’ব। ইয়াত ভাৰতীয় সংগীত, নৃত্য, খাদ্য, আৰু হস্তশিল্পৰ আকৰ্ষণীয় প্ৰদৰ্শন কৰা হ’ব, য’ত কেইবাজনো বিখ্যাত ভাৰতীয় শিল্পীয়ে অংশগ্ৰহণ কৰিব।

সংবাদ মাধ্যম মন্ত্ৰালয় আৰু সাধাৰণ মনোৰঞ্জন কৰ্তৃপক্ষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ছৌদি আৰৱ চৰকাৰৰ এই বিভাগসমূহে গ্ল'বেল হাৰমনি পদক্ষেপৰ জৰিয়তে বিভিন্ন সংস্কৃতিৰ মাজত বুজাবুজি আৰু পাৰস্পৰিক ক্ৰিয়া-কলাপ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই পদক্ষেপ সাংস্কৃতিক সংহতি গঢ়ি তোলা, মানুহক ওচৰলৈ অনা, ভাৰত আৰু চৌদি আৰৱৰ মাজত দীৰ্ঘদিনীয়া আৰু শক্তিশালী সম্পৰ্কক পুনৰ সজীৱ কৰাৰ এক উল্লেখযোগ্য প্ৰচেষ্টা।

মন কৰিবলগীয়া যে গ্ল'বেল হাৰমনি পদক্ষেপৰ অধীনত ভাৰত, ফিলিপাইনছ, ইণ্ডোনেছিয়া, ইজিপ্ত, য়েমেন, জৰ্ডান, উগাণ্ডা, আৰু ইথিওপিয়া আদিকে ধৰি চৌদি আৰৱত ১৪খন দেশৰ বিভিন্ন সংস্কৃতি উদযাপন কৰা হৈছে। এই অনুষ্ঠানসমূহত সংগীত কনচাৰ্ট, পৰ্যটন উপস্থাপন, পৰিয়ালৰ বাবে সাংস্কৃতিক কাৰ্যসূচী, পৰম্পৰাগত খাদ্য, আৰু হস্তশিল্প প্ৰদৰ্শনী অনুষ্ঠিত হ’ব, য’ত প্ৰতিখন দেশ আৰু সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande