আফগানিস্তানত ৬.৩ ৰিখটাৰৰ শক্তিশালী ভূমিকম্পত ১০ জন লোকৰ মৃত্যু, ২৬০ জন আহত
কাবুল, ০৩ নৱেম্বৰ (হি.স.)। সোমবাৰে পুৱা উত্তৰ আফগান চহৰ মাজাৰ-ই-শ্বৰীফৰ সমীপত অনুভূত হোৱা এক প্ৰবল ভূমিকম্পত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ২৬০ জন আহত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৬.৩ আছিল। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি বিষয়
আফগানিস্তানত ৬.৩ ৰিখটাৰৰ শক্তিশালী ভূমিকম্পত ১০ জন লোকৰ মৃত্যু, ২৬০ জন আহত


কাবুল, ০৩ নৱেম্বৰ (হি.স.)। সোমবাৰে পুৱা উত্তৰ আফগান চহৰ মাজাৰ-ই-শ্বৰীফৰ সমীপত অনুভূত হোৱা এক প্ৰবল ভূমিকম্পত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ২৬০ জন আহত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৬.৩ আছিল। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি বিষয়াসকলে জনাইছে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি প্ৰায় ৫ লাখ ২৩ হাজাৰ জনসংখ্যা থকা মাজাৰ-ই-শ্বৰীফৰ ওচৰত ২৮ কিলোমিটাৰ (১৭.৪ মাইল) গভীৰতাত সংঘটিত হয় এই ভূমিকম্প। ইফালে, সমংগন প্ৰদেশৰ স্বাস্থ্য বিভাগৰ মুখপাত্ৰ ছামিম জয়ন্দাই কয় যে, আজি পুৱালৈকে ভূমিকম্পৰ ফলত ১৫০ জন লোক আহত হোৱাৰ লগতে ৭ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আহতসকলক স্বাস্থ্য কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে।

আফগান তালিবানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, বালখ আৰু সামাংগান প্ৰদেশ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত বহু সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। ইয়াত মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, সামৰিক উদ্ধাৰকাৰী দল আৰু জৰুৰীকালীন সাহায্যকাৰী দলে অঞ্চলটোত উপস্থিত হৈছে আৰু লোকক উদ্ধাৰ, আহতসকলক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা, আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য প্ৰদানৰ অভিযান আৰম্ভ কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ শ্বাৰাফত জামানে ইয়াত এক বিবৃতিত কয় যে উদ্ধাৰকাৰী দল সক্ৰিয় যদিও মৃত আৰু আহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে। জামানে কয় যে স্বাস্থ্য দলসমূহ অঞ্চলটোত উপস্থিত হৈছে, আৰু ওচৰৰ সকলো চিকিৎসালয়ক সতৰ্ক কৰি দিয়া হৈছে। ইফালে ইউএছজিএছে নিজৰ পেজাৰ চিষ্টেমত কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰিছে, যিয়ে ভূমিকম্পৰ প্ৰভাৱৰ ইংগিত দিয়ে। ইয়াৰ পৰা বুজা যায় যে ভূমিকম্পৰ ফলত “উল্লেখযোগ্য ক্ষতি আৰু দুৰ্যোগৰ সম্ভাৱনা” হোৱাৰ সম্ভাৱনা আছে। উদ্ধাৰ প্ৰচেষ্টাৰ ভিডিঅ’ আৰু অট্টালিকাৰ ধ্বংসাৱশেষৰ ফটো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা হৈছে, য’ত দেখা গৈছে যে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande