
কাঠমাণ্ডু, ০৩ নৱেম্বৰ (হি.স.)। মজুৰি পুনৰীক্ষণ আৰু উন্নত সুবিধাকে ধৰি নাৰ্ছসকলৰ দাবী পূৰণৰ বাবে নেপাল নাৰ্চিং এছ’চিয়েশ্যনে চৰকাৰক ৪৮ ঘণ্টীয়া আলটিমেটাম জাৰি কৰিছে।
সোমবাৰে সংস্থাটোৱে সকীয়াই দিয়ে যে যদিহে তেওঁলোকৰ দাবী নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পূৰণ নহয় তেন্তে সমগ্ৰ দেশৰ নাৰ্ছসকলে জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো সেৱা বন্ধ কৰি দিব। যদিহে তেওঁলোকৰ দাবী ৪৮ ঘণ্টাৰ ভিতৰত পূৰণ নহয় তেন্তে চৰকাৰী, ব্যক্তিগত, বেচৰকাৰী, চিকিৎসা মহাবিদ্যালয়, স্বাস্থ্য প্ৰতিষ্ঠানৰ জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো নাৰ্চিং সেৱা বন্ধ কৰাৰ হুংকাৰ দিছে। প্ৰতিবাদকাৰী নাৰ্ছসকলক হেঁচা, ভাবুকি বা ভয় দেখুৱাবলৈ যিকোনো প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰা হ’ব বুলিও সংস্থাটোৱে সকীয়াই দিয়ে।
ইয়াৰ পূৰ্বে ৩১ অক্টোবৰত স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰালয়ৰ সৈতে হোৱা বৈঠকত সংস্থাটোৱে চৰকাৰী কৰ্মচাৰীৰ সমান নূন্যতম মজুৰি নিশ্চিত কৰাৰ বাবে আংশিকভাৱে সন্মতি প্ৰকাশ কৰিছিল। কিন্তু আন কেইবাটাও দাবী অমীমাংসিত হৈ থকাৰ ফলত নাৰ্ছসকলে সংঘৰ কেন্দ্ৰীয় কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দেওবাৰে চৰকাৰৰ সৈতে হোৱা আলোচনা ব্যৰ্থ হোৱাৰ পিছতে প্ৰতিবাদী নাৰ্ছসকলে সোমবাৰে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ