
গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.)। গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে গুৱাহাটী পৌৰ নিগমে বহুকেইটা নতুন পদক্ষেপ গ্ৰহণ কৰিছে। আজি এক সংবাদমেলযোগে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সাংবাদিকক এই বিষয়ে অৱগত কৰায়। ডাঙৰীয়াৰ লগতে জিএমচিৰ মাননীয় মেয়ৰ শৰণীয়াৰ লগতে উপ-মেয়ৰ স্মিতা ৰয় আৰু জিএমচিৰ আয়ুক্ত ড০ এম.এছ.লক্ষ্মী প্ৰিয়াই আজি সংবাদ মাধ্যমক সম্বোধন কৰি চহৰৰ আন্তঃগাঁথনি, অনাময়, জনস্বাস্থ্য, আৰু প্ৰশাসনিক দক্ষতা উন্নত কৰাৰ লক্ষ্যৰে ধাৰাবাহিক উল্লেখযোগ্য প্ৰকল্প আৰু নীতিগত ব্যৱস্থাৰ কথা ঘোষণা কৰে।
তেওঁলোকে ঘোষণা কৰে যে পানী, অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা। আৱৰ্জনা ব্যৱস্থাপনাৰ সংস্কাৰ সাধি বুধবাৰে কেৱল শুকান আৱৰ্জনা সংগ্ৰহ কৰা হ’ব। বুধবাৰৰ বাহিৰে বাকী সকলো দিনতে কেৱল পাকঘৰৰ আৱৰ্জনা সংগ্ৰহ কৰা হ’ব। বুধবাৰে ডায়েপাৰ আৰু চেনিটেৰী পেডৰ বাবে পৃথক পেকেটৰ ব্যৱস্থা কৰিব লাগিব, যিবোৰ নিৰ্দিষ্ট লেণ্ডফিললৈ প্ৰেৰণ কৰা হ’ব। বুধবাৰেও ই-আৱৰ্জনা সংগ্ৰহ কৰা হ’ব।
এই পদক্ষেপে আৱৰ্জনা পৃথকীকৰণ, পুনঃব্যৱহাৰ, আৰু বৈজ্ঞানিক নিষ্কাশনৰ প্ৰসাৰ ঘটাই গুৱাহাটীক এখন স্বচ্ছ আৰু অধিক বহনক্ষম চহৰ হিচাপে গঢ়ি তুলিছে। ইফালে গুৱাহাটীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ত সমাজৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ বাবে আৰু বাই-লেন সমুহস্বচ্ছ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি নগৰ ব্যাপী ক্ৰমে তিনিমাহ যোৰা স্বচ্ছতা অভিযান চলোৱা হয়। ৱাৰ্ড পৰ্যায়ৰ স্বচ্ছ সুৰক্ষা য’ত অহা মাহৰ ভিতৰত ৱাৰ্ডসমূহক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰদৰ্শনৰ ভিত্তিত গ্ৰেড দিয়া হ’ব যাতে কাউন্সিলাৰসকলৰ মাজত সুস্থ আৰু তীব্ৰ প্ৰতিযোগিতা গঢ়ি তোলা হয়।
ইফালে মহানগৰীত পানী যোগান সম্প্ৰসাৰণৰ সন্দৰ্ভত তেওঁলোকে কয় যে বৰ্তমান চহৰৰ ৬০% অঞ্চল নিৰ্ভৰযোগ্য পানী যোগানৰ অধীনত সামৰি লোৱা হৈছে, সকলো অঞ্চলতে পানী যোগান সম্প্ৰসাৰণৰ কাম অব্যাহত আছে। জনস্বাস্থ্য আৰু পশু কল্যাণৰ বাবে সহজীৱন প্ৰকল্প অনা হৈছে আৰু এই নতুন পদক্ষেপে মানৱীয় আৰু সুস্থ পশু ব্যৱস্থাপনাক প্ৰসাৰিত কৰিবলৈ ৰাজপথৰ কুকুৰৰ টিকাকৰণ আৰু জলাতংক প্ৰতিৰোধৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। পোহনীয়া কুকুৰৰ পঞ্জীয়নৰ ক্ষেত্ৰত পশু ব্যৱস্থাপনা আৰু জনসাধাৰণৰ সুৰক্ষা উন্নত কৰাৰ বাবে পোহনীয়া কুকুৰৰ বাবে চহৰব্যাপী পঞ্জীয়ন অভিযান চলোৱা হ’ব।
আনহাতে বান ব্যৱস্থাপনা আৰু নগৰ পৰিকল্পনাৰ সন্দৰ্ভতো পদক্ষেপ গ্ৰহণ কৰি জি এম চি এইছে নলা পৰিষ্কাৰ কৰাকে ধৰি বহু কাৰ্য্যসূচী হাতত লব। চহৰখনৰ বানপানী প্ৰশমনৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৫৫৫টা নলাৰ ভিতৰত ৪৪১টা নলা পৰিষ্কাৰ কৰা হৈছে। নিষ্কাশন আৰু অধিক শক্তিশালী কৰাৰ বাবে সাতটা নতুন মিনি ছুপাৰ ছাকাৰ মেচিন ক্ৰয় কৰা হৈছে।
বানপানীৰ নিৰীক্ষণ সন্দৰ্ভত মেয়ৰে জোৰ দি কয় যে কোনো বানপানীৰ স্থানত থিয় হৈ থকা পানী থাকিব নালাগে, আৰু চিনাক্ত কৰা সকলো বানপানীৰ প্ৰৱণ অঞ্চলতে শীঘ্ৰে নিষ্কাশন নিশ্চিত কৰিবলৈ ক্ষেত্ৰৰ দলসমূহক নিৰ্দেশ দিয়া হৈছে। ইফালে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত পথ: সমগ্ৰ মহানগৰীৰ সংযোগ উন্নত আৰু সুচল যাতায়ত সুনিশ্চিত কৰিবলৈ প্ৰতিটো ৱাৰ্ডত পুনৰবাৰ ৪০ লাখ টকা পথ নিৰ্মাণ বাবে আবণ্টন দিয়া হয় বুলি ঘোষণা কৰে। ষ্ট্ৰীট লাইটিঙৰ ক্ষেত্ৰত প্ৰতিটো ৱাৰ্ডে দৃশ্যমানতা আৰু সুৰক্ষা বৃদ্ধিৰ বাবে ৬০টা ৱাৰ্ডত হাই-মাষ্ট লাইট স্থাপনৰ কৰাৰ উপৰিও প্ৰতিটো ৱাৰ্ডৰ নামঘৰ মন্দিৰ আৰু সামাজিক অনুষ্ঠান সমুহ নিৰ্মাণৰ বাবে ১০ লাখ টকা আবণ্টন দিয়া হয় বুলি ঘোষণা কৰে শৰণীয়াই।
আনহাতে শ্মশানস্থলীত পোহৰৰ ব্যৱস্থা কৰাৰ বাবে প্ৰথম পৰ্যায়ত ১৩ খন শ্মশানস্থলী (সমশান)ত হাই-মাষ্ট লাইট স্থাপন কৰা হ’ব যাতে সুলভতা আৰু সুৰক্ষা বৃদ্ধি পায়। আনহাতে ৰাজহুৱা শৌচাগাৰৰ সন্দৰ্ভত ব্যৱস্থা লৈ মন্দিৰ, ক্লাব, নামঘৰত সৰু সৰু শৌচাগাৰ নিৰ্মাণৰ বাবে প্ৰতিটো ৱাৰ্ডত ২০ লাখ টকা আবণ্টন দিয়া হ’ব বুলিও তেওঁ কয়। সমগ্ৰ মহানগৰীত মুঠ ২৪০ টাতকৈও অধিক শৌচাগাৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। আনহাতে কমিউনিটি হলৰ বাবে ২/৩টা কমিউনিটি হল নিৰ্মাণৰ বাবে প্ৰতিটো ৱাৰ্ডত ২০ লাখ টকা আবণ্টন দিয়া হ’ব। সমগ্ৰ চহৰখনত মুঠ ১৮০ টাতকৈও অধিক নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।
প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত জি এম চিয়ে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ ভিতৰত, জিএমচিৰ কাৰ্যালয়সমূহ স্থানান্তৰঃ প্ৰশাসনিক কাৰ্যক্ষমতা আৰু জনসেৱাবৃদ্ধিৰ বাবে উজান বজাৰ, গণেশগুৰি আৰু লাখটকীয়া আদি বৰ্তমানৰ জিএমচি কাৰ্যালয়সমূহ অতি সোনকালে বেটকুছিত নতুনকৈ নিৰ্মাণ কৰা কাৰ্যালয়লৈ স্থানান্তৰ কৰা হ’ব।
উজান বজাৰ কাৰ্যালয় পুনৰ উন্নয়ন: স্থানান্তৰৰ পিছত বৰ্তমানৰ উজান বজাৰ জিএমচি কাৰ্যালয় চৌহদটো আধুনিক বজাৰলৈ ৰূপান্তৰিত কৰা হ’ব, যাৰ ফলত বাণিজ্যিক সুযোগ বৃদ্ধি পাব আৰু স্থানীয় বাসিন্দাসকলক সেৱা আগবঢ়োৱা হ’ব। ইফালে অংশীদাৰিত্ব আৰু সহযোগিতাৰ ক্ষেত্ৰত জিএমচিয়ে অতি সোনকালে অসম চৰকাৰৰ অনুমোদনৰ মৰ্মে আৰু পুঁজিৰ উপলব্ধতাঅনুসৰিঅইল ইণ্ডিয়া লিমিটেড (অইল), আগশাৰীৰ চিকিৎসা সংস্থা, আৰু অন্যান্য প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰি স্বাস্থ্য, পৰিৱেশ, আৰু আন্তঃগাঁথনি খণ্ডত যৌথ প্ৰকল্প গ্ৰহণ কৰিব। আনহাতে মেয়ৰে ফলপ্ৰসূ নাগৰিক শাসন আৰু জনসহযোগিতা নিশ্চিত কৰাৰ বাবে ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ ৰাজহুৱা আবেদন আগবঢ়ায় ।
বিল্ডিং ৰেগুলেচন এণ্ড অকুপেন্সি চাৰ্টিফিকেট সন্দৰ্ভত মেয়ৰে কয় যে এতিয়া সকলো নতুন বিল্ডিঙৰ বাবে অকুপেচি চাৰ্টিফিকেট লাভ কৰাটো বাধ্যতামূলক হ’ব যাতে সুৰক্ষা আৰু নগৰ উন্নয়নৰ মানদণ্ড মানি চলাটো নিশ্চিত হয়। অহা ডিচেম্বৰ ১ তাৰিখৰ পৰা ৩১ ডিচেম্বৰলৈ বিশেষ শিবিৰ আৰম্ভ কৰা হ’ব ।
তদুপৰি বাণিজ্যিক অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত তেওঁ কয় যে প্ৰায় ৭৫,০০০ বাণিজ্য অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে, অতিৰিক্ত ১২,০০০–১৫,০০০ আবেদন প্ৰক্ৰিয়া চলি আছে। ইফালে সম্পত্তি কৰ সন্দৰ্ভত মেয়ৰ শৰণীয়াই মহানগৰীৰ বাসিন্দাসকলক সময়মতে সম্পত্তি কৰ দিবলৈ আহ্বান জনায় যিয়ে জনসাধাৰণৰ বাবে সেৱা সম্প্ৰসাৰণত বহুখিনি সহায় কৰিব।
তদুপৰি কঠিন আৱৰ্জনা পৃথকীকৰণঃ স্বচ্ছ গুৱাহাটী (এছ জি) আৰু মিছন গুৱাহাটী (এম জি)ৰ পদক্ষেপৰ অধীনত বুধবাৰৰ নতুন শুকান আৱৰ্জনা সংগ্ৰহ ব্যৱস্থা অনুসৰণ কৰি চহৰখন পৰিষ্কাৰ আৰু সেউজীয়া কৰি তুলিবলৈ নাগৰিকসকলক অনুৰোধ জনোৱা হৈছে।
মেয়ৰ মৃগেন শৰণীয়াই “৪ পি – পথ, পোহৰ, পৰিস্কাৰ, পানী”ৰ নীতিৰ দ্বাৰা পৰিচালিত এখন স্বচ্ছ, সুৰক্ষিত, আৰু অধিক বহনক্ষম গুৱাহাটী গঢ়ি তোলাৰ প্ৰশাসনৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে কয়। তেওঁ মহানগৰীৰ মূলমন্ত্ৰ — “চিকুন গুৱাহাটী, মোৰ গুৱাহাটী” — নাগৰিকসকলক মহানগৰীৰ পৰিৱৰ্তনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী