নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ভাৰতীয় ফ্ৰান্সৰ ৰাষ্ট্ৰদূত
শোণিতপুৰ, ০৩ নৱেম্বৰ (হি.স.)। নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্রাঘ্য প্ৰকল্পত থিয়ৰি মাথোৱেৰ নেতৃত্বত উপস্থিত হয় এটি ৫ জনীয়া এটা সঁজাতি দল। ৰাষ্ট্ৰীয় উদ্যানখনত চলি থকা বন আৰু জৈৱ বৈচিত্ৰৰ ওপৰত অসম চৰকাৰৰ প্ৰকল্পৰ অধীনত চলি থকা দিশ সমূহ পৰ্যবেক্ষণ কৰিব
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ভাৰতীয় ফ্ৰান্সৰ ৰাষ্ট্ৰদূত


শোণিতপুৰ, ০৩ নৱেম্বৰ (হি.স.)। নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্রাঘ্য প্ৰকল্পত থিয়ৰি মাথোৱেৰ নেতৃত্বত উপস্থিত হয় এটি ৫ জনীয়া এটা সঁজাতি দল। ৰাষ্ট্ৰীয় উদ্যানখনত চলি থকা বন আৰু জৈৱ বৈচিত্ৰৰ ওপৰত অসম চৰকাৰৰ প্ৰকল্পৰ অধীনত চলি থকা দিশ সমূহ পৰ্যবেক্ষণ কৰিবৰ বাবে উপস্থিত হয় দলটো।

দলটোৱে জীপ চাফাৰী কৰি পৰিভ্ৰমণ কৰে ৰাষ্ট্ৰীয় উদ্যানখন। তেওঁলোকৰ উপস্থিতত নামেৰী পৰিভ্ৰমণৰ সুবিধাৰ্থে পৰ্য্যটক সকলৰ বাবে এটি ৱেবচাইট (Website) মুকলি কৰে।

নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত। অৰুণাচল পাহাৰৰ নৈসগিক শোভাই নামেৰীলৈ যেন অধিক ৰুপ-লাৱণ্য কঢ়িয়াই আনিছে। গুৱাহাটীৰ পৰা তেজপুৰ হৈ নামেৰীলৈ মুঠ দুৰত্ব প্ৰায় ২১৫ কি:মি:। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি ২০০ বৰ্গ কি:মি:। নামেৰী প্ৰথমতে সংৰক্ষিত বনাঞ্চল আছিল। ১৯৭৮ চনৰ ১৭ অক্টোবৰত নামেৰীক সংৰক্ষিত বনাঞ্চল ৰুপে ঘোষণা কৰা হয়। পিছলৈ নদুৱাৰ বনাঞ্চলৰ পৰা ১৩৭ বৰ্গ কি:মি: ফালি আনি ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত নামেৰী অভয়াৰণ্য হিচাপে মুকলি কৰা হয়। পুনৰ বৰদিকৰাই বনাঞ্চললৈকে ৭৫ বৰ্গ কি:মি: যোগ কৰি মুঠ ২১২ বৰ্গ কি:মি: সামৰি ১৯৯৮ চনৰ ১৫ নৱেম্বৰত নামেৰীক ৰাষ্ট্ৰীয় উদ্যানৰুপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। নামেৰী ৰাষ্ট্ৰীয় উদ্যানে উত্তৰ দিশে অৰুণাচল প্ৰদেশৰ পাখুই বন্যপ্ৰাণী অভয়াৰণ্যৰ লগত মিলিত হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande