অপাৰেচন সিন্দুৰ আছিল এক ভয়ংকৰ যুদ্ধ, পাৰমাণৱিক আক্ৰমণৰ সম্ভাৱনাত আতংকিত হৈ পৰিছিল পাকিস্তান: ট্ৰাম্প
ৱাশ্বিংটন, ০৩ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে চলিত বৰ্ষৰ মে’ মাহত অপাৰেচন সিন্দুৰ এক ভয়ংকৰ যুদ্ধ আছিল যিয়ে পাকিস্তানক আতংকিত কৰি তুলিছিল। পাকিস্তানে ভাৰতে পাৰমাণৱিক আক্ৰমণ কৰিবলৈ ওলাইছে বুলি আশংকা কৰিছিল আৰু ইয়াৰ ফল
US President Donald Trump in CBS Interview 60 Minutes


ৱাশ্বিংটন, ০৩ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে চলিত বৰ্ষৰ মে’ মাহত অপাৰেচন সিন্দুৰ এক ভয়ংকৰ যুদ্ধ আছিল যিয়ে পাকিস্তানক আতংকিত কৰি তুলিছিল। পাকিস্তানে ভাৰতে পাৰমাণৱিক আক্ৰমণ কৰিবলৈ ওলাইছে বুলি আশংকা কৰিছিল আৰু ইয়াৰ ফলত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে তেওঁক হস্তক্ষেপ কৰিবলৈ অনুৰোধ কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথাও স্বীকাৰ কৰে যে পাকিস্তানে অপাৰেচন সিন্দুৰৰ পিছত সক্ৰিয়ভাৱে নিজৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ আৰম্ভ কৰিছিল।

আমেৰিকাৰ চেনেল চিবিএছৰ ৬০ মিনিট সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এই স্বীকাৰোক্তি প্ৰদান কৰে। সাক্ষাৎকাৰ গ্ৰহণকাৰী নোৰা অ’ডনেলে যেতিয়া যুদ্ধ ৰোধৰ বাবে শুল্কক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথা আলোচনা কৰিছিল, তেতিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে স্বীকাৰ কৰিছিল যে ৰাছিয়া আৰু ইউক্ৰেইনৰ ক্ষেত্ৰত এই পদ্ধতি অকাৰ্যকৰী আছিল যদিও ভাৰত আৰু পাকিস্তানৰ ক্ষেত্ৰত ই ফলপ্ৰসূ হৈছিল।

ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, মই ভাবো ই ভাৰতৰ সৈতে কাম কৰিছিল, আৰু ই পাকিস্তানৰ সৈতে কাম কৰিছিল, আৰু ই সেই ৬০% দেশৰ সৈতে কাম কৰিছিল। মই আপোনালোকক ক'ব পাৰো, যদি শুল্ক আৰু বাণিজ্যিক নিষেধাজ্ঞা নহ'লহেঁতেন তেন্তে মই চুক্তিসমূহ সম্পন্ন কৰিব নোৱাৰিলোহেঁতেন। এটা উদাহৰণ দি তেওঁ কয়, ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত বন্ধ হৈ গ'ল—ভাৰতে আমাৰ লগত বহুত ব্যৱসায় কৰে। তেওঁলোকে যুদ্ধ কৰিবলৈ গৈ আছিল। তেওঁলোকে পাকিস্তানৰ সৈতে পাৰমাণৱিক যুদ্ধ কৰিবলৈ ওলাইছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এদিন থিয় হৈ ক'লে, 'ড'নাল্ড ট্ৰাম্প যদি ইয়াৰ লগত জড়িত নহ'লহেঁতেন তেন্তে এতিয়াই লাখ লাখ মানুহৰ মৃত্যু হ'লহেঁতেন। ই আছিল এক ভয়ংকৰ যুদ্ধ যাৰ বাবে ভাৰত সাজু আছিল।'

ট্ৰাম্পে কয়, তেওঁলোকে গোটেই ঠাইতে (পাকিস্তানত) বিমান গুলীয়াই ভূপাতিত কৰি পেলাইছিল। সেয়া আছিল সঁচাকৈয়ে—এয়া এক ভয়ংকৰ যুদ্ধ হ'বলৈ গৈ আছিস। আৰু মই তেওঁলোক দুয়োকে ক'লোঁ, মই ক'লোঁ—যদি আপোনালোকে লগে লগে চুক্তি নকৰে, তেন্তে আপুনি আমেৰিকাৰ সৈতে কোনো ব্যৱসায় কৰিবলৈ যোৱা নাই। আৰু তেওঁলোকে আমেৰিকাৰ সৈতে বহুত ব্যৱসায় কৰে। আৰু তেওঁলোক দুয়োজনেই আছিল মহান নেতা, আৰু তেওঁলোকে এটা চুক্তি কৰিছিল, আৰু তেওঁলোকে যুদ্ধ বন্ধ কৰি দিছিল। এয়া এক ভয়ংকৰ যুদ্ধ হ’লহেঁতেন। ই পাৰমাণৱিক যুদ্ধ হ'লহেঁতেন।

আমেৰিকাই নিজৰ পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ পুনৰ আৰম্ভ কৰিব বুলি ঘোষণা কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ লগতে কয় যে সক্ৰিয়ভাৱে পাৰমাণৱিক পৰীক্ষা চলোৱা দেশসমূহৰ ভিতৰত পাকিস্তান অন্যতম। তেওঁ ইয়াক অন্যান্য দেশৰ মাজত এক বহল বিশ্বব্যাপী ধাৰাৰ অংশ বুলি অভিহিত কৰে, যাৰ বাবে আমেৰিকাই পুনৰ পাৰমাণৱিক পৰীক্ষা আৰম্ভ কৰিব লাগিব।

তেওঁ কয় যে ৰাছিয়া, চীন, উত্তৰ কোৰিয়া, পাকিস্তানকে ধৰি বহু দেশে পাৰমাণৱিক পৰীক্ষা চলাই আছে, আনহাতে আমেৰিকাই একমাত্ৰ দেশ যিয়ে এনে কৰা নাই।

তেওঁ কয়, আমি পৰীক্ষা কৰিম কাৰণ তেওঁলোকে পৰীক্ষা কৰে আৰু আনসকলেও পৰীক্ষা কৰে। আৰু অৱশ্যেই উত্তৰ কোৰিয়াই পৰীক্ষা কৰি আছে। পাকিস্তানেও পৰীক্ষা কৰি আছে। আমি একমাত্ৰ দেশ যিয়ে পৰীক্ষা নকৰে। আৰু মই একমাত্ৰ দেশ হ'ব নিবিচাৰো যিয়ে পৰীক্ষা নকৰে। আমিও আন দেশৰ দৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিম।

ট্ৰাম্পে লগতে দাবী কৰে যে আমেৰিকাৰ হাতত “অন্য দেশতকৈ অধিক পাৰমাণৱিক অস্ত্ৰ” আছে আৰু তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে পাৰমাণৱিক নিৰস্ত্ৰকৰণৰ বিষয়ে আলোচনা কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande