
ধেমাজি, ০৩ নৱেম্বৰ (হি.স.)। সোৱণশিৰি নদীবান্ধ, আন্দোলন তথা সংবাদ জগতৰ ভূমিকা আদি বিষয় সামৰি উদ্দীয়মান লেখিকা শিখা জ্যোতি কোঁৱৰৰ নৈ নিনাদ নামৰ প্ৰথমখন উপন্যাস প্ৰকাশ কৰা হৈছে। শিখা জ্যোতি কোঁৱৰৰ নৈ নিনাদ উপন্যাসখনৰ কাহিনী, চৰিত্ৰ কাল্পনিক। কিন্তু কাল্পনিক হ’লেও পটভূমি সোৱণশিৰি আৰু গেৰুকামুখৰ বৃহৎ নদীবান্ধ প্ৰকল্প কেন্দ্ৰিক। সোৱণশিৰিৰ পাৰৰ নৈসৰ্গিক পৰিৱেশত দিৰপাই ইক' কেম্পত গ্ৰন্থখনি আজি উন্মোচন কৰা হয়।
সমাজকৰ্মী দীপক বৰগোহাঁই আঁত ধৰা উন্মোচনী সভাত প্ৰথমে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু বন্তি প্ৰজ্বলনে শুভাৰাম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ধ্ৰুব জ্যোতি কোঁৱৰে। ইয়াৰ পিছতেই বিশিষ্ট লেখিকা জুৰী বৰা বৰ গোহাঞিয়ে নৈ নিনাদ নামৰ উপন্যাসখনিৰ শুভ উন্মোচন সহযোগত কৰে লক্ষীন্দৰ বৰগোহাঁইয়ে।
সোৱণশিৰি নদীৰ সভ্যতা, সংস্কৃতিৰ লগতে নদীবান্ধ বিৰুদ্ধে হোৱা প্ৰতিবাদ,সোৱণশিৰি পৰীয়া সাংবাদিকৰ আৰ্থিক নিৰাপত্তা, সমাজৰ প্ৰতি দায়বদ্ধতা,মফচলীয়া সাংবাদিকৰ জীৱন গাথাক সমল হিচাপে লৈ ৰচিত উপন্যাস খনি পাঠক সমাজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে উন্মোচক জুৰি বৰা বৰগোঁহাই আৰু লেখিকা শিখাজ্যোতি কোঁৱৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা