
গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.)। দীৰ্ঘদিন ধৰি দুৰাৰোগ্যত আক্ৰান্ত হৈ ৰাজ্যৰ বাহিৰত চিকিৎসাধীন অৱস্থাত থকা আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ আজি পুৱা মৃত্যু হয়। বাঁহীৰ সুৰেৰে সকলোকে মুগ্ধ কৰা আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পীগৰাকীৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি।
অসমৰ সাংস্কৃতিক জগতখনক মহীয়ান কৰাৰ লগতে দেশে বিদেশে খ্যাতি অৰ্জন কৰি ৰাজ্যখনলৈ সন্মান কঢ়িয়াই অনা দীপক শৰ্মাৰ বিয়োগত ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি সংসদীয় সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয় স্বজন তথা গুণমুগ্ধসকলক গভীৰ সমবেদনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে প্ৰয়াত শৰ্মাৰ নশ্বৰদেহ গুৱাহাটীলৈ বিমানযোগে অনাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা তাৎক্ষণিক ব্যৱস্থাৰ বাবে ৰাজ্যিক সভাপতিয়ে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী