আছুৰ উদ্যোগত টীয়কত মমশিখা সমদল
যোৰহাট, ০৩ নৱেম্বৰ (হি.স.)। আছুৰ উদ্যোগত টীয়কত মমশিখা সমদল। ৰাজপথত মম লৈ কেইবা শতাধিক জুবিন অনুৰাগী। অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজি ৪৩ দিন। তথাপিও অসমবাসীৰ বাবে সাথৰ ১৯ ছেপ্তেম্বৰত জুবিন গাৰ্গৰ সৈতে কি হৈছিল। ৰাজ্যৰ বিভিন্
আছুৰ উদ্যোগত টীয়কত মমশিখা সমদল


যোৰহাট, ০৩ নৱেম্বৰ (হি.স.)। আছুৰ উদ্যোগত টীয়কত মমশিখা সমদল। ৰাজপথত মম লৈ কেইবা শতাধিক জুবিন অনুৰাগী। অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজি ৪৩ দিন। তথাপিও অসমবাসীৰ বাবে সাথৰ ১৯ ছেপ্তেম্বৰত জুবিন গাৰ্গৰ সৈতে কি হৈছিল।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টীয়কতো জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ বাবে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সন্ধিয়া মমশিখা লৈ ৰাজপথলৈ ওলাই আহে কেইবা শতাধিক লোক। টীয়ক হাইস্কুলৰ পৰা আৰম্ভণি কৰা এই মমশিখা সমদল টীয়ক নগৰৰ মাজেৰে প্ৰায় পাঁচ কিলোমিটাৰ অতিক্ৰম কৰি পুনৰ হাইস্কুলৰ খেলপথাৰত সমাপ্ত কৰে। সমদলত টীয়ক বাণিজ্য সন্থাৰ কেইবা গৰাকী জ্যেষ্ঠ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। আনহাতে সমদলৰ গ্ৰাম্যাঞ্চলৰ মহিলা স্বত:স্ফুত ভাবে ওলাই আহে। সমদলত যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰীতম জ্যোতি শইকীয়া সহ জিলা সমিতিৰ কেইবা গৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande