
বিশ্বনাথ, ০৩ নৱেম্বৰ (হি.স.)। গহপুৰ ভোলাগুৰিত নিৰ্মিয়মান কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণ কাৰ্য পৰিদৰ্শন মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।বিশ্ববিদ্যালয় খনৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা শিতাৰমণ। চলিত নৱেম্বৰ মাহত ৭–৮ তাৰিখে গহপুৰ স্থিত ভোলাগুৰি চাহ বাগিচাত নিৰ্মিয়মান বিশ্ববিদ্য়ালয় খনৰ আধাৰশিলা স্থাপন কৰি এখন জনসভাতো অংশগ্ৰহণ কৰিব বুলি ৰাজ্য় চৰকাৰে সংবাদ মাধ্যমক জানিব দিয়ে।
পিছত আজি মহাপ্ৰয়াণ হোৱা অসমৰ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি উল্লেখ কৰে। দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ চেন্নাইৰ পৰা ৰাজ্য চৰকাৰে অনাৰ সকলো ব্যৱস্থা গ্ৰহন কৰিছে বুলি উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু