
দৰং, ০৩ নৱেম্বৰ (হি.স.)। কলাইগাঁওত শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্ততি ।বৃহত্তৰ কলাইগাঁও অঞ্চলত অনুষ্ঠিত হব লগা একমাত্ৰ ৰাস
মহোৎসৱক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। সমাগত শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ। এইবেলি ৪১ সংখ্যক কলাই গাঁও ৰাস মহোৎসৱ। প্ৰতি বছৰৰ দৰে এইবেলিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলাইগাঁও শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ ৫ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ ১১ দিনীয়াকৈ উদযাপন কৰা হৈছে। বিগত বৰ্ষ সমূহৰ দৰে আগন্তক ৰাস মহোৎসৱত ৰাইজৰ বিপুল সহাৰি লাভ কৰিব বুলি আশা কৰিছে উদ্য়োক্তা সকলে।
এইবেলি ৰাস মহোৎসৱত বিভিন্ন কাৰ্যক্ৰমনিকাৰ সমান্তৰাল ভাৱে জনতাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতি দিনাই এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখা হৈছে বুলি উদযাপন সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু